গুৱাহাটীঃ যদি আপুনি মহানগৰীৰ পথেৰে আহ-যাহ কৰে তেন্তে সাৱধান৷ কিয়নো আপোনাৰ মুৰৰ ওপৰত পৰিব পাৰে লোৰ বাকচ৷ গুৱাহাটীৰ ৰাজপথৰ ফুটপাথৰ মৰণ ফান্দৰ কথা আমি সকলোৱে জানো। ফুটপাথৰ মেনহোলত সোমাই ক'তজনৰ মৃত্যু হ'ল। গুৱাহাটীৰ পথৰ ডিভাইদাৰত লগোৱা বিজ্ঞাপনৰ লাইটৰ কাৰেন্টত লাগি কতজনৰ মৃত্যু হ'ল আমি সকলোৱে জানো।

যোৱা কিছুদিনৰ আগতে গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সময়ত পদপথত থকা দোকানৰ লোহাৰ খুটাত বিজুলী সংযোগ হৈ তথা কৃত্ৰিম বানৰ পানীত বিদ্যুৎৰ তাঁৰ ছিঙি পৰি থকাৰ ফলত প্ৰায় কিশোৰ ছাত্ৰ সহ তিনিগৰাকী লোকে মৃত্যুক সাৱটি লব লগা হয়৷ সাধাৰনতে দেখা যায় যে এনেকুৱা মৃত্যুৰ ঘটনাবোৰ প্ৰশাসনৰ ব্যৰ্থতাৰ বাবে সংঘটিত হয় বুলি অবিযোগ উত্থাপন হয়। মহানগৰীখনত ধাৰাবাহিক ভাৱে ইমানবোৰ অঘটন হৈ থকাৰ পিচতো প্ৰশাসনক সচেতন হবলৈ চেষ্টা কৰা দেখা নাযায়৷

এইবাৰ ভাবুকি আহিছে ওপৰৰ পৰা। মানে আকাশৰ আপোনাৰ মুৰৰ ওপৰত সৰি পৰিব পাৰে প্ৰায় ৪০-৫৯ কিলো ওজনৰ লোহাৰ বাকচ।লোৰ বাকচ মানে U-17 ফিফা ওৱৰ্ল্ড কাপৰ বিজ্ঞাপনৰ বাকচ। লোৰ এই বিজ্ঞাপনৰ বাকচতো খেলৰ আয়োজক সকলে অতি বিপদজনক ভাৱে চান্দমাৰীৰ আনন্দৰাম বৰুৱা সেতুৰ ফ্লাই অভাৰৰ তলেৰে নুনমাটিলৈ যোৱা পথৰ ঠিক ওপৰতে ফ্লাই অভাৰৰ ৰেলিঙত দুডাল প্লাচটিকৰ ৰছী বান্ধি ওলমাই ৰাখিছে। যিকোনো সময়তে সেই ৰচী ছিঙি লোহাৰ বাকচতো কোনোবা পথাচাৰীৰ মুৰত নাইবা গাড়ী মটৰৰ ওপৰত পৰি অতি ভয়াবহ দুৰ্ঘটনা ঘটাব পাৰে। যাৰ বাবে আপুনি সাৱধান হ’বৰ হ’ল৷