নলবাৰীঃ অসম বিধান সভাৰ ৫৯ নং নলবাৰী সমষ্টিৰ পূৱ নলবাৰী উন্নয়ণ খণ্ডৰ অন্তৰ্গত ৫ নং পূৱ-বতাহগিলা গাওঁ পঞ্চায়ত এলাকাধীন আমৰতল, নমাটি আৰু মৈৰাদংগা গাঁৱৰ ওচৰেদি বৈ যোৱা পাগলদিয়া নৈৰ গৰা খহনীয়াই বিস্তৰ ক্ষতি সাধন কৰিছে আমৰতল নমাটি আৰু মৈৰাদংগা গাঁওখনকেইখনৰ৷
প্ৰাপ্ত খবৰ অনুসৰি যোৱা দহটা বছৰৰ পৰা পাগলদিয়া নৈ খনে অঞ্চলটোৰ বিস্তৰ ক্ষতি কৰি আহিছে যদিও আজিলৈকে চৰকাৰ কিম্বা প্ৰশাসনৰ ফালৰ পৰা এই গৰা খহনীয়া ৰোধ কৰাৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ হেতুকে হতাশাত ভূগি আছে গাওঁবাসীয়ে। স্থানীয় লোকে জনোৱা মতে যোৱা বছৰ বাৰিষাত নৈ খনৰ পানী বাঢ়ি অহাৰ ফলত ব্যাপক গৰা খহনীয়াৰ সৃষ্টি হয় আৰু তাৰ বাবে নৈৰ দাতিৰ বহুত পৰিয়ালৰ ঘৰ মাটি পানীত জাহ যায়।