ধুবুৰীঃ মাৰ্ঘেৰিটাঃ ৰাজ্যৰ চৰকাৰী শিক্ষা খণ্ডক সংস্কাৰৰ বাবে ৰাজ্য চৰকাৰে সময়ে সময়ে বিভিন্ন কাৰ্যসূচী লৈ আহিছে৷ শেহতীয়াকৈ গুণোৎসৱ অনুষ্ঠিত কৰি ব্যাপক চমক সৃষ্টি কৰে চৰকাৰ তথা শিক্ষা বিভাগে৷ প্ৰকৃততে এনে বোৰ আঁচনিয়ে কণ কণ ছাত্ৰ-ছাত্ৰী তথা দৰিদ্ৰ-শ্ৰমিকৰ সন্তানক উপকৃত কৰিব পাৰিছে নে নাই সেয়া ৰাইজে বিচাৰ কৰিবৰ সময় আহি পৰিছে৷
কিন্তু এনেবোৰ আঁচনিৰ জড়িয়তে লাখ লাখ টকা খৰছ কৰাৰ সময়তে ৰাজ্যত আজিও বহু বিদ্যালয় আছে যিবোৰ বিদ্যালয় দেখিলে স্বাধীন দেশৰ স্কুল যেন নালাগে৷ গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ণ কৰা বহু বিদ্যালয়ত আজিও নাই উপয়ুক্ত শ্ৰেণীকোঠা, ডেস্ক, বেঞ্চ আদি৷ আজিও বহু বিদ্যালয়ত ব্লেক বৰ্ড এখনৰ অভাৱত শিক্ষকে পাঠদান কৰিব লগা হয়৷ এজাক বৰষুণতে বহু বিদ্যালয়ৰ চৌহদ পানীৰে ভৰি পৰে৷ গুণোৎসৱৰ দৰে কাৰ্যসূচী লোৱাৰ পূৰ্বে চৰকাৰে গ্ৰাম্য অঞ্চলৰ শিক্ষানুষ্ঠান সমূহৰ আন্তঃগাঠনি উন্নত কৰাৰ আহ্বান জনাইছিল একাংশ লোকে৷