শুক্লাইঃ একৈশ শতিকাই পৃথিৱীক বহু আগুৱাই নিলে৷ সমগ্ৰ বিশ্ব খন যেন এখন গাঁৱত হে পৰিণত হ’ল৷ তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ দ্ৰুত উন্নয়ণৰ লগে লগে এতিয়া পৃথিৱীৰ ইখন দেশৰ পৰা সিখন দেশলৈ যেন দুৰত্বহে কমি গল৷ যাতায়ত তথা যোগাযোগৰ ক্ষেত্ৰত অভূতপুৰ্ব সলনি হ’ল৷
কিন্তু আমাৰ ৰাজ্যখনক তেনে ধৰণৰ উন্নয়ণে আজিলৈকে ঢুকিয়েই পোৱা নাই৷ বিশেষকৈ আমাৰ ৰাজ্য খনৰ ভাৰত-ভূটান সীমান্তবৰ্ত্তী অঞ্চলত মানুহে আজিও বহিঃজগতৰ সৈতে যোগাযোগ কৰিবলৈ হাহাকাৰ কৰিব লগা হয়৷কেৱল যাতায়াতৰ সমস্যাই নহয় আজিও বনৰীয়া হাতীৰ উপদ্ৰৱত নিদ্ৰা হৰণ হয় সীমান্তবাসীৰ৷ বিশুদ্ধ খোৱা পানীৰ বাবে ককবকাব লগা হয়৷ লৰা-ছোৱালীক শিক্ষা দিবলৈ, স্বাস্থ্য সেৱাৰ বাবে নাই ন্যুনতম সুবিধা৷