তামুলপুৰঃ সভাই সমিতিয়ে বৰ বৰ কথাৰে উন্নয়ণৰ শ্ল’গান দিয়ে বিটিচিৰ শাসনাধিষ্ঠিত বিপিএফ দলৰ নেতা-কৰ্মীয়ে৷ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিএডিক মডেল বিটিচিলৈ ৰূপান্তৰিত কৰা হ’ব বুলিও কয় সভা সমিতিয়ে৷ ১২ বছৰে একেৰাহে বিটিচিক শাসন কৰা বিপিএফ দলে সভা-সমিতিয়ে কৈ অহাৰ দৰে প্ৰকৃততে বিটিএডিৰ উন্নয়ণ হৈছে নে৷ এই প্ৰশ্ন সততে বিটিএডি অঞ্চলত উত্থাপিত হৈ আহিছে৷ বিটিএডিৰ বাট-পথ, স্কুল-কলেজ, চিকিৎসালয়, বিশুদ্ধ পানী যোগান আচনি আদিৰ প্ৰকৃততে উন্নয়ণ হৈছেনে৷
বিটিএডিৰ বাক্সা জিলাৰ তামুলপুৰৰ এখন চিকিৎসালয়ে এই প্ৰশ্ন সমূহৰ উত্তৰ স্পষ্ট কৰিছে৷ ৰাজ্যৰ পৰিৱৰ্তনকামী চৰকাৰৰ অংশীদাৰী দল বিপিএফৰ দখলত থকা বিটিএডিৰ উন্নয়ণৰ স্বৰূপটো তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই উদঙাই দিছে৷ স্বাস্থ্য কেন্দ্ৰটোত পৰ্যাপ্ত সুবিধা নথকাৰ লগতে এজাক বৰষুণতে একাঠু পানী জমা হয়৷ যাৰ ফলত ৰোগীয়ে জোতা-চেণ্ডেল হাতত লৈ চিকিৎসালয়ৰ প্ৰবেশ কৰিব লগা হয়৷