আমগুৰিঃ উজনি-নামনিত বন্য হস্তীৰ তাণ্ডৱ অব্যাহত আছে৷ ৰাজ্য খনৰ হাজাৰ হাজাৰ পৰিয়ালে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে৷ সন্তান, পৰিয়ালৰ, ঘৰ-বৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত বিনিদ্ৰ ৰজনী কটাইছে অসহায় হাজাৰ হাজাৰ অএসমীয়াই৷ ৰাজ্যৰ কথ চহকী মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ বন বিভাগে বনৰীয়া হাতীৰ জাকৰ পৰা ৰাইজক সুৰক্ষিত কৰিবলৈ সক্ষম হোৱা নাই৷
ৰাজ্য চৰকাৰে ৰাজ্যখনৰ খাটি খোৱা দৰিদ্ৰ, শ্ৰমিক তথা দুৰ্গম অঞ্চলৰ লোকসকলৰ জীৱন-সম্পত্তিক গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ পাহাৰীয়া সমীপত বছৰ বছৰ ধৰি বসবাস কৰা লোকসকলক সুৰক্ষা দিবলৈ চৰকাৰে অৱহেলা কৰাৰ অভিযোগ উত্থাপন হৈছে৷ ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীৰ থলুৱাক উচ্ছেদ কৰি যেনেদৰে উঠি-পৰি লাগিছে তেনেদৰে সুৰক্ষা দিয়াত বিফল হোৱাৰ অভিযোগ উত্থাপন হৈছে৷