ডিজিটেল ডেস্কঃ কতই ৰংগ দেখি দুনিয়ায়/ থুড়ি কতই ৰঙ্গ দেখি গুগল ইণ্ডিয়াই …৷ ২০১৭ বৰ্ষত জনপ্ৰিয় হোৱা এই বাংলা গানটো হঠাৎ কিয় বাতৰিৰ শিৰোনামা হ’ল আপুনি নিশ্চয় ভাবিছে? যদি ভাবিছে, তেন্তে আমি আপোনাক জনাই থওঁ যে এই বাতৰি উল্লিখিত গানটোৰ বিষয়ে নহয়৷ এই গানটোৰ প্ৰয়োগ কৰা হৈছে গুগলৰ মহত্ব দৰ্শাবলৈহে৷
বুধবাৰে গুগল ইণ্ডিয়াত চকুত পৰা এক বিভ্ৰান্তিক লৈ দেশত হৈ-চৈৰ সৃষ্টি হয়৷ গুগলত ‘India first PM’ বুলি লিখি সন্ধান কৰাৰ পিছত জৱাহৰলাল নেহৰুৰ নামৰ কাষত দেখা গ’ল বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফটো৷ চাৰ্ছ ইঞ্জিন গুগলৰ এই বিসংগতিৰ পিছতে হৈ-চৈৰ লাগে। এই ঘটনা সন্দৰ্ভত কংগ্ৰেছৰ ছচিয়েল মিডিয়া ইন-চাৰ্জ দিব্যা স্পন্দনাই এক টুইট যোগে ক্ষোভ প্ৰকাশ কৰে৷