ডিজিটেল ডেস্কঃ কতই ৰংগ দেখি দুনিয়ায়/ থুড়ি কতই ৰঙ্গ দেখি গুগল ইণ্ডিয়াই ...৷ ২০১৭ বৰ্ষত জনপ্ৰিয় হোৱা এই বাংলা গানটো হঠাৎ কিয় বাতৰিৰ শিৰোনামা হ’ল আপুনি নিশ্চয় ভাবিছে? যদি ভাবিছে, তেন্তে আমি আপোনাক জনাই থওঁ যে এই বাতৰি উল্লিখিত গানটোৰ বিষয়ে নহয়৷ এই গানটোৰ প্ৰয়োগ কৰা হৈছে গুগলৰ মহত্ব দৰ্শাবলৈহে৷ 

বুধবাৰে গুগল ইণ্ডিয়াত চকুত পৰা এক বিভ্ৰান্তিক লৈ দেশত হৈ-চৈৰ সৃষ্টি হয়৷ গুগলত ‘India first PM’ বুলি লিখি সন্ধান কৰাৰ পিছত জৱাহৰলাল নেহৰুৰ নামৰ কাষত দেখা গ’ল বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফটো৷ চাৰ্ছ ইঞ্জিন গুগলৰ এই বিসংগতিৰ পিছতে হৈ-চৈৰ লাগে। এই ঘটনা সন্দৰ্ভত কংগ্ৰেছৰ ছচিয়েল মিডিয়া ইন-চাৰ্জ দিব্যা স্পন্দনাই এক টুইট যোগে ক্ষোভ প্ৰকাশ কৰে৷ 

বুধবাৰে গুগলত কেৱল দেশৰ প্ৰধানমন্ত্ৰী আৰু ফটোক লৈয়ে বিভ্ৰান্তিৰ সৃষ্টি হোৱা নাই৷ ভাৰতৰ প্ৰথম বিত্তমন্ত্ৰীৰ সন্ধান কৰোতে গুগলৰ স্ক্ৰীণত এল সম্মুখম চেট্টিৰ কাষত দেখা গ’ল বৰ্তমানৰ বিত্তমন্ত্ৰী অৰুণ জেটলীৰ ছবি৷ আনহাতে ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰীৰ সন্ধান কৰোতেও বিসংগতিপূৰ্ণ তথ্যহে ওলাল গুগলত৷ ভাৰতৰ প্ৰথম প্ৰতিৰক্ষামন্ত্ৰীৰ সন্ধানত বলদেৱ সিঙৰ ফটোৰ পৰিবৰ্তে স্ক্ৰীণত ভাঁহিল নিৰ্মলা সীতাৰমণৰ ছবি৷ 

গুগল ইণ্ডিয়াৰ এনে অস্বস্তিকৰ বিভ্ৰান্তি নৰেন্দ্ৰ মোডীৰ নতুন কৌশল বুলি সন্দেহ প্ৰকাশ কৰিছে বিৰোধী দল তথা বৌদ্ধিক মহলে৷ ভাৰতৰ প্ৰথম মন্ত্ৰীসকলৰ ঠাইৰ কাষতে চাৰ্চ ইঞ্জিনটোত বিজেপি চৰকাৰৰ বৰ্তমানৰ মন্ত্ৰীসকলৰ নাম অন্তৰ্ভূক্ত কৰি নৱ প্ৰজন্মক এক ভুল তথ্য প্ৰদান কৰাৰ সন্দেহ প্ৰকাশ কৰিছে বিৰোধীয়ে৷