কামপুৰঃ এক বৃক্ষ দশ পুত্ৰ সম৷ কিন্তু পুত্ৰ সম বটগছ কাটি বিক্ৰি কৰি বিপদত পৰিল কৃষ্ণ৷ অসমৰ সমাজৰ লোকবিশ্বাস, লোকাচাৰ আৰু পৰম্পৰা ওতঃপ্ৰোত ভাৱে সংপৃক্ত হৈ আছে বটগছৰ সৈতে৷ গাঁৱৰ কোনো লোকৰ বেমাৰ-আজাৰ হলে জ্যেষ্ঠসকলে প্ৰায়ে উপদেশ দিয়ে বটগছৰ শিপাৰ ডালৰ ৰস খাবলৈ৷ জ্যেষ্ঠ সকলে প্ৰায়ে কয় বটগছৰ শিপাৰ ডালৰ ৰসে বেমাৰ ভাল কৰে৷
হাত-ভৰিৰ ফটা, মুখমণ্ডলত ক’লা দাগ পৰা আদিত বটগছ প্ৰয়োজন৷ বটগছ এবিধ ডাঙৰ গছ। ডাল, সহিতে গছৰ পৰা শিপাবোৰ তললৈ নামি অহাৰ বাবে মুল গছজোপা নেদেখা হয়। শিপাবোৰ মাটি পোৱাৰ পাছত গছৰ দৰে ডাঙৰ হৈও উঠা দেখা যায়৷ বটগছৰ প্ৰকাণ্ড হোৱাৰ বাবে বহু ঠাইজুৰি ছাঁ দিয়ে৷ ৰাজ্যৰ বহু শিক্ষানুষ্ঠানত দেখা যায় বটগছ৷ বটগছ সমূহ একো একোখন শিক্ষানুষ্ঠানৰ ইতিহাস স্বৰূপ৷