কামপুৰঃ এক বৃক্ষ দশ পুত্ৰ সম৷ কিন্তু পুত্ৰ সম বটগছ কাটি বিক্ৰি কৰি বিপদত পৰিল কৃষ্ণ৷ অসমৰ সমাজৰ লোকবিশ্বাস, লোকাচাৰ আৰু পৰম্পৰা ওতঃপ্ৰোত ভাৱে সংপৃক্ত হৈ আছে বটগছৰ সৈতে৷ গাঁৱৰ কোনো লোকৰ বেমাৰ-আজাৰ হলে জ্যেষ্ঠসকলে প্ৰায়ে উপদেশ দিয়ে বটগছৰ শিপাৰ ডালৰ ৰস খাবলৈ৷ জ্যেষ্ঠ সকলে প্ৰায়ে কয় বটগছৰ শিপাৰ ডালৰ ৰসে বেমাৰ ভাল কৰে৷

হাত-ভৰিৰ ফটা, মুখমণ্ডলত ক’লা দাগ পৰা আদিত বটগছ প্ৰয়োজন৷ বটগছ এবিধ ডাঙৰ গছ। ডাল, সহিতে গছৰ পৰা শিপাবোৰ তললৈ নামি অহাৰ বাবে মুল গছজোপা নেদেখা হয়। শিপাবোৰ মাটি পোৱাৰ পাছত গছৰ দৰে ডাঙৰ হৈও উঠা দেখা যায়৷ বটগছৰ প্ৰকাণ্ড হোৱাৰ বাবে বহু ঠাইজুৰি ছাঁ দিয়ে৷ ৰাজ্যৰ বহু শিক্ষানুষ্ঠানত দেখা যায় বটগছ৷ বটগছ সমূহ একো একোখন শিক্ষানুষ্ঠানৰ ইতিহাস স্বৰূপ৷

শিক্ষানুষ্ঠানৰ চৌহদত থকা গছবোৰে বহুতৰে স্কুল-কলেজত পঢ়া দিনৰ স্মৃতি সোঁৱৰাই। প্ৰেম, ভালপোৱা, বন্ধুত্ব, হোষ্টেলৰ স্মৃতিৰ স্বাক্ষৰ বহনকাৰী ৰাজ্যৰ শিক্ষানুষ্ঠানত বহু এনে বৃক্ষ পোৱা যায়৷ তাৰ মাজতে কামপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষই ছাত্ৰ-ছাত্ৰীয়ে জিৰণি লোৱা প্ৰকাণ্ড বটগছ কাটি বিপদত পৰে। অধ্যক্ষই নিজ মইমতালিৰ বটগছ কটাৰ ফলত ছাত্ৰ-ছাত্ৰী স্থনীয় লোক ক্ষোভিত হৈ পৰে।বন বিভাগ তথা স্থনীয় লোকৰ অনুমতি নোলোৱাকৈ অধ্যক্ষই মহাবিদ্যালয় খনৰ এজোপা প্ৰকাণ্ড পুৰণি বটগছ কাটি বিক্ৰী কৰাৰ ঘটনাই কামপুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

প্ৰকৃতি প্ৰেমীয়ে কামপুৰ থানাত গোচৰ দিয়াৰ লগতে মহাবিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। "আমি মহাবিদ্যালয়ত নাম ভৰ্ত্তি কৰোতে গছ পুলি ৰোপন কৰা এখন ফটো লৈহে আমাক বিদ্যালয়ত নাম ভৰ্ত্তি কৰিব দিছিল৷কিন্তু মহাবিদ্যালয়ৰ চৌহদত ছাত্ৰ ছাত্ৰীৰ জিৰণিৰ বাবে থকা এজোপা গছ কাটি পেলোৱাত আমি দুখ পাইছো"। কামপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

কামপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ হৰে কৃষ্ণ দেৱ শৰ্মাই মহাবিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীয়ে জিৰণি লোৱা বটগছ জোপা অবৈধ ভাৱে কাটি বিক্ৰী কৰা কাণ্ডক সহজে লব পৰা নাই ৰাইজে। প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ ইতিহাসৰ স্বাক্ষৰ বহন কৰি আছিল এই বটগছ জোপাই।

অধ্যক্ষগৰাকীয়ে গছ জোপা কটাত জাঙুৰ খাই উঠিছে ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰকৃতি প্ৰেমী সংগঠনে। মহাবিদ্যালয় খনত অধ্যক্ষৰ মইমতালিৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি ব্যৱস্থ্য গ্ৰহণৰ দাবী জনায়৷ ইফালে কামপুৰ আঞ্চলিক বন বিষয়াই গছৰ কুণ্ডা খিনি জব্দ কৰা বুলি জানিব পৰা গৈছে৷