নামতিঃ কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ যোৱা অসমৰ যুৱক বিভিন্ন সময়ত হত্যাৰ বলি হৈ অহাৰ সময়তে পুনৰ শিৱসাগৰ জিলাৰ নামতি পথাৰ, বামুণবাৰীৰ এজন যুৱক চেন্নইত দুৰ্বৃত্তৰ আক্ৰমনৰ বলি হোৱা ঘটনা পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
ঘটনা সন্ধৰ্ভত জানিব পৰা মতে, আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত উক্ত অঞ্চলটোৰ ডিম্বেশ্বৰ বৰা (৩৮) নামৰ বিবাহিত যুৱকজন যোৱা ১১ আগষ্টত নামতিয়াল গাঁৱৰ আনন্দ বৰুৱা (৫৬) আৰু খনিকৰ গাঁৱৰ জয়ন্ত চুতিয়া (৩৫) ৰ লগত বাংগালোৰলৈ কৰ্মৰ সন্ধানত গৈছিল৷ কিন্তু তিনিওজনৰ ৰেল যাত্রাৰ পথত ডিম্বেশ্বৰ বৰাই চেন্নাই এটা ৰেল ষ্টেচনত খোৱা পানী আনিবলৈ যাওঁতে পলম হোৱাত ৰেলখন গুচি যায়৷