গোৰেশ্বৰঃ ৰেল যাত্ৰাৰ সমস্যাক লৈ সজাগ দেশৰ ৰেল মন্ত্ৰী সুৰেশ প্ৰভূ। যাত্ৰীৰ সৈতে পোনপটীয়াকৈ যোগাযোগ ৰক্ষা কৰি চলে মন্ত্ৰীগৰাকীয়ে। ৰেল যাত্ৰাত পোৱা সমস্যাসমূহ তথা অসুবিধাসমূহ লগে লগে যাত্ৰীয়ে টুইট কৰি জনাব পাৰে মন্ত্ৰীগৰাকীক।
মন্ত্ৰীগৰাকীয়ে যাত্ৰীৰ টুইট লাভ কৰি ইতিমধ্যে দেশৰ কেইবাগৰাকী যাত্ৰীৰ খাদ্যৰ সমস্যাৰ লগতে আন আন সমস্যা তৎপৰাতাৰে সমাধান কৰি চমকৰ সৃষ্টি কৰিছিল৷ তেনে চমকৰ পাছতো অসমৰ বহু ৰেল ষ্টেছনত যাত্ৰীয়ে হেজাৰ সমস্যা ভোগ কৰি আহিছে বুলি অভিযোগ উত্থাপিত হৈ আহিছে৷