তুলসীবাৰী/ৰঙিয়াঃ চমক সৃষ্টিৰ বাবে চৰকাৰ গঠন কৰিয়ে ঘোষণা কৰাত ব্যস্ত হৈ পৰিছিল বিজেপি চৰকাৰ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত নানা তৰহৰ ঘোষণা কৰিছিল চৰকাৰ খনে৷ কিন্তু দুই বছৰ পাৰ হ’বৰ হ’ল যদিও তেনে ঘোষণা সমূহ কাৰ্যকৰী কৰিবলৈ আহৰি নোপোৱা হ’ল ৰাজ্য চৰকাৰে৷ শেহতীয়াকৈ এনে ঘোষণাৰ বাবে জাঙুৰ খাই উঠিছে ৰঙিয়াৰ ৰাইজ৷ ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ অগ্ৰণী বস্ত্ৰ উদ্যোগ ৰঙিয়া চহৰৰ সমীপৰ তুলসীবাৰীৰ এপলমিলৰ পুণৰ উজ্জীৱিত কৰাৰ নিতৌ প্ৰতিবাদ কৰিব লগা হৈছে৷
এপলমিল পুনৰ কাৰ্যক্ষম কৰাৰ প্ৰতিশ্ৰুতিৰে ৯.৩৫ কোটি টকাৰ অনুদান মোকলাই দিয়াৰ কথা ঘোষণা কৰিছিল সোণোৱাল চৰকাৰে৷ ঘোষণা কাৰ্যকৰী কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে৷ কিছু দিন পূৰ্বে আছুৰ নেতৃত্বত এপলমিলৰ পুণৰ উজ্জীৱিত কৰাৰ দাবীত কেইবাঘন্টীয়া প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে সোমবাৰে পুনৰ আছুৱে ভাৰত-ভূটান পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷