গোৰেশ্বৰঃ প্ৰধান শিক্ষকক পিটিলে বিদ্যালয়ৰ সমীপৰ পৰিয়ালে৷ বাক্সা জিলাৰ গোৰেশ্বৰ টাউনৰ সমীপৰ গোৰেশ্বৰ হিন্দী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পবিত্ৰ চৌধুৰীক যোৱা ৯ অক্টোবৰত এটি পৰিয়ালৰ লোকে মাৰ-ধৰ কৰাৰ অভিযোগ উত্থাপন কৰাত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
গুণোৎসৱ উপলক্ষে বিদ্যালয় চৌহদৰ বেৰ দিয়াক লৈ সৃষ্টি হোৱা মতানৈক্যৰ বাবে এনে ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ৯ অক্টোবৰত বিদ্যালয় চৌহদৰ বেৰ দি থকা সময়ত চৌহদৰ সমীপত বসবাস কৰা স্বামী-স্ত্ৰীয়ে বেৰ নিৰ্মাণ কৰি বনুৱাক প্ৰথমে খেদি পঠিয়াই।