ডিফুঃ কাৰ্বি আংলং জিলাৰ ট্ৰাক শ্ৰমিকসকলৰ আজি এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়৷ কাৰ্বি আংলং মটৰ পৰিবহণ শ্ৰমিক আৰু চালক সন্থাৰ উদ্যোগত অনুষ্ঠিত সভাত ইটা, বালি, শিল, মাটি আদি কঢ়িওৱা শ্ৰমিকসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰা হয়৷

সন্থাৰ সভাপতি আব্দুল নুৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে সন্থাৰ সম্পাদক কৃষ্ণভট্ট ৰায়ে৷ সভাত মালিক পক্ষৰ সৈতে হোৱা বুজাবুজিমৰ্মে আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি মজুৰি বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰে৷

এই প্ৰস্তাৱ জিলা শ্ৰম বিষয়াৰ দ্বাৰা অনুমোদন জনাবলৈও সভাই সিদ্ধান্ত গ্ৰহণ কৰে৷ ট্ৰাক শ্ৰমিকসকলে কাৰ্বি আংলং মটৰ পৰিবহণ শ্ৰমিক আৰু চালক সন্থাৰ লগত ঐক্যবদ্ধভাৱে কাম কৰি যাবলৈ অংগীকাৰবদ্ধ হয়৷

সন্থাই প্ৰতিজন শ্ৰমিকক সন্থাৰ কাৰ্যালয়ত নিজৰ নাম পঞ্জীয়ন কৰি পৰিচয়-পত্ৰৰ লগতে জীৱন বীমা কৰিবলৈ পৰামৰ্শ আগবঢ়ায়৷ পৰিচয়-পত্ৰবিহীন সদস্যই সন্থাৰ যাৱতীয় সুবিধা নাপাব বুলিও সভাত সিদ্ধান্ত লয়৷ আনহাতে পাৰ্কিঙত জুৱা খেলা নিষিদ্ধ কৰাৰ লগতে কৰ্তব্যৰ সময়ত মদ্যপান কৰিলে শাস্তি বিহাৰো সিদ্ধান্ত লয় আজিৰ সভাই৷