মৰিয়নীঃ যোৱা ২৮ জানুৱাৰী সোমবাৰে নগালেণ্ডৰ পৰা অসম অভিমুখে আহি থকা তিনিখন ট্ৰাক নগালেণ্ডৰ মোককচাং জিলাৰ অল্ড চুংটিয়া অঞ্চল অতিক্ৰম কৰা সময়ত কেইটামান দুবৃত্তই আগুৰি ধৰি গাড়ীখন ৰখাবলৈ নিদেশ দিয়ে৷ গাড়ীখন ৰখোৱাৰ পাচত দুবৃত্ত কেইজনে ট্ৰাকৰ পৰা তেওঁলোকক নমাই আনি প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে৷
হঠাৎতে দুবৃত্তই কৰা আক্ৰমণত ট্ৰাক কেইখনত থকা ট্ৰাক চালক কেইজন গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত হয়৷ শেহতীয়াকৈ জানিব পৰা গৈছে নগালেণ্ডত আক্ৰমণৰ বলি হোৱা ট্ৰাক চালক কেইজন নাম ক্ৰমে ৰাহুল সেমৰম,প্ৰশান্ত প্ৰধান, মন বাহাদুৰ তেওঁলোকক হঠাৎ বাটত আগুৰি ধৰি ট্ৰাকৰ পৰা নমাই আক্ৰমণ কৰা দুবৃত্ত কেইটা হ’ল মোককচাং জিলাৰ আলচুংঠিয়া গাৱঁৰ টুনি কন্যাক, লিমা খামঝাক, নিপা নাংটাক৷
দুবৃত্ত কেইটাই ট্ৰাক চালক কেইজনক আক্ৰমণ কৰা সময়ত নগা দুবৃত্ত কেইটাই চালক কেইজনক এজন ট্ৰাক চালকৰ ঠিকনা বিছাৰি এই আক্ৰমণ কৰে বুলি জানিব দিয়ে৷ ট্ৰাক চালক কেইজনে কোনোমতে ঘটনা স্থানৰ পৰা পলাই সাৰি ওচৰতে থকা স্থানীয় লোংথো আৰক্ষী থানাত গোচৰ ৰুজু কৰে৷