মুকালমুৱাঃ বুধবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ লগে লগে উৎফুল্লিত হৈ পৰে নলবাৰী জিলাৰ মুকালমুৱাবাসী। আজি ঘোষিত ফলাফলত ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নুৰুল হক আলীয়ে ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান দখল কৰাত সমগ্ৰ অঞ্চলটোতে দেখা গৈছে উছৱমুখৰ পৰিৱেশ।
মুঠ ৫৮৮ নম্বৰেৰে দ্বিতীয় স্থান দখল দখল কৰিবলৈ সমৰ্থ হয় নুৰুলে। নুৰুলৰ পিতৃ মোস্তাফা আলী হৈছে এগৰাকী ট্ৰাক চালক। পৰিয়ালটোৰ অধিকাংশ সদস্য পঢ়া-শুনাৰ পৰিৱৰ্তে আন কাম-কাজৰ সৈতেহে জড়িত। ইয়াৰ মাজতে কঠোৰ অধ্যৱসায়েৰে আজি ঘোষিত হোৱা ফলাফলত উজলি উঠে ট্ৰাক চালকৰ পুত্ৰজনে।