60
কমলপুৰ/বাইহাটা চাৰিআলিঃ কামৰূপ জিলাৰ ৰঙিয়া মহকুমা আৰক্ষীয়ে আজি বিশ্বনাথৰ পৰা অপহৃত এখন ট্ৰাক উদ্ধাৰ কৰিবলৈ সমৰ্থ হয়। জিলাখনৰ বাইহাটাত এক সফল অভিযান চলাই বৃহৎ পৰিমাণৰ চাহপাতসহ অপহৃত ট্ৰাকখন উদ্ধাৰ কৰে ৰঙিয়া আৰক্ষীয়ে।
প্ৰাপ্ত তথ্য অনুসৰি চাহপাত ভৰ্ত্তি এ এচ ০১ দি দি ৩০৭৮ নম্বৰৰ দহচকীয়া কলকাতা অভিমুখী ট্ৰাকখন যোৱানিশা ওদালগুৰি জিলাৰ ওৰাঙৰ পৰা অপহৃত হয়।