নিউয়ৰ্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত 'ৰঙা ধুমুহা’ত বিধ্বস্ত হৈ পৰিছে ডেম’ক্ৰেটৰ কমলা হেৰিছ। ৰাজনৈতিক প্ৰত্যাৱৰ্তনেৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ইতিহাসত এক অনন্য নজিৰ গঢ়িবলৈ সক্ষম হ’ল ড’নাল্ড ট্ৰাম্প। বিশ্বৰ মহাশক্তিশালী দেশখনৰ মহাশক্তিশালী নেতা হিচাপে পুনৰ এবাৰ নিৰ্বাচিত হ’ল ৰিপাব্লিকান পাৰ্টিৰ নেতাগৰাকী।
২০১৬ৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হৈ হোৱাইট হাউচত প্ৰৱেশৰ অনুমতি লাভ কৰা ৰঙা দল হিচাপে খ্যাত ৰিপাব্লিকান পাৰ্টীৰ ট্ৰাম্পে ২০২০ৰ নিৰ্বাচনত ডেম’ক্ৰেট জো বাইডেনৰ হাতত পৰাস্ত হ’বলগীয়া হৈছিল। কিন্তু এইবাৰ প্ৰত্যাৱৰ্তন ঘটাই পুনৰ এবাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছে ট্ৰাম্প। ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰতিদ্বন্দ্বী কমলা হেৰিছক পৰাস্ত কৰি হোৱাইট হাউচত প্ৰৱেশ কৰিছে ড’নাল্ড ট্ৰাম্পে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে ফ্ল’ৰিডাত বিজয় ভাষণ দিবলৈ ট্ৰাম্পৰ কাষত থিয় দিয়া আমেৰিকাৰ ভৱিষ্যত উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্সে কয়, ''আমি দেশৰ ইতিহাসত সৰ্ববৃহৎ ৰাজনৈতিক প্ৰত্যাৱৰ্তনৰ সাক্ষী হৈছো।’’ এই জয়ত উল্লাসিত হৈ ট্ৰাম্পে কয় যে আমি আমাৰ সমালোচকসকলক ভুল প্ৰমাণিত কৰিলোঁ।’’ নিজৰ ভাষণত ট্ৰাম্পে পুনৰ অনুপ্ৰৱেশ বন্ধৰ প্ৰসংগ উত্থাপন কৰে। তেওঁ কয়, ''আমি সীমাম্ত সম্পূৰ্ণৰূপে বন্ধ কৰি দিম। অনুপ্ৰৱেশ তেতিয়া বন্ধ হৈ পৰিব।’’ ইয়াৰ পিছতে ''আমেৰিকাক পুনৰ শ্ৰেষ্ঠ হিচাপে গঢ়ি তোলা হ’ব’’ শীৰ্ষক শ্ল’গান আওৰাই ট্ৰাম্পে।
উল্লেখ্য যে, আঠ বছৰ পূৰ্বে ২০১৬ চনত ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী হিলাৰী ক্লিণ্টনক পৰাস্ত কৰি ট্ৰাম্পে প্ৰথমবাৰৰ বাবে হোৱাইট হাউছত প্ৰৱেশৰ অনুমতি লাভ কৰিছিল। কিন্তু চাৰি বছৰৰ পাছত ২০২০ চনত ডেম’ক্ৰেট জো বাইডেনৰ হাতত পৰাস্ত হয়। ইয়াৰ পিছত ইটোৰ পিছত সিটোকৈ কেইবাটাও বিতৰ্কত নাম সাঙোৰ খাই পৰে ট্ৰাম্পৰ। কিন্তু তৎসত্বেও পৰাজয়বৰণ নকৰি পুনৰ যুদ্ধক্ষেত্ৰত নমাৰ সিদ্ধান্ত লয় ট্ৰাম্পে। ৰিপাব্লিকান পাৰ্টিত তেওঁ আন প্ৰতিদ্বন্দ্বীক নিৰ্মূল কৰি ডেম’ক্ৰেট দলৰ সৈতে মুখামুখি হয়। নিৰ্বাচনী যুদ্ধৰ অন্তিম পৰ্যায়ত ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী তথা আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক পৰাস্ত কৰি বিজয়ৰ পুনৰ এবাৰ সোৱাদ লাভ কৰে ট্ৰাম্পে।
প্ৰণিধানযোগ্য যে, পৰাজয়ৰ পিছত পুনৰ প্ৰত্যাৱৰ্তনৰ নজিৰ গঢ়া ট্ৰাম্প হৈছে আমেৰিকাৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি। তেওঁৰ পূৰ্বে প্ৰায় ডেৰ শতিকা পূৰ্বে এই একেই নজিৰ গঢ়িছিল ডেম’ক্ৰেট গ্ৰভাৰ ক্লিভলেণ্ডে। ১৮৮৪ চনত সংকীৰ্ণ ব্যৱধানত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল ক্লিভলেণ্ড। কিন্তু ১৮৮৮ চনত তেওঁ জনতাৰ প্ৰত্যক্ষ ভোট হেৰুৱাই নিৰ্বাচনত পৰাজিত হয়। ইয়াৰ পিছতে পৰৱৰ্তী নিৰ্বাচনত প্ৰত্যাৱৰ্তন ঘটে ক্লিভলেণ্ডৰ। ১৮৯২ চনত ৰিপাব্লিকান দলৰ প্ৰতিদ্বন্দ্বী বেঞ্জামিন হেৰিছনক পৰাস্ত কৰি পুনৰবাৰ হোৱাইট হাউচত প্ৰৱেশ কৰে গ্ৰভাৰ ক্লিভলেণ্ডে। এই ঘটনাৰ সম্পূৰ্ণ ১৩২ বছৰ পিছত পুনৰ এবাৰ পৰাজিত হৈও প্ৰত্যাৱৰ্তনৰ নজিৰ গঢ়িবলৈ সক্ষম হৈছে ডোনাল্ড ট্ৰাম্পে।
মন কৰিবলগীয়া যে, যোৱা চাৰে তিনি দশকত আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে আঠ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰা ৰাষ্ট্ৰপতিসকল হৈছে জৰ্জ ডব্লিউ বুছ (ছিনিয়ৰ), বিল ক্লিণ্টন, জৰ্জ ডব্লিউ বুছ (জুনিয়ৰ), আৰু বাৰাক ওবামা। ২০২৮ চনলৈকে কাৰ্যভাৰ সম্পূৰ্ণ কৰিব পাৰিলে এই তালিকাত নাম সন্নিৱিষ্ট হ’ব আশীৰ দুৱাৰডলিত ভৰি দিয়া ডোনাল্ড ট্ৰাম্পৰো। সম্প্ৰতি ট্ৰাম্পৰ বয়স হৈছে ৭৮ বছৰ।
ইফালে, দ্বিতীয় বিজয়তো এগৰাকী মহিলাৰ বিৰুদ্ধে জয়ী হয় ট্ৰাম্প। বিপৰীতে পুৰুষৰ হাতত বিগত নিৰ্বাচনত পৰাস্ত হৈছিল ট্ৰাম্প। এই বিষয়টোৱেও সেয়ে সংবাদ মাধ্যমত চৰ্চা লাভ কৰা দেখা গৈছে। আজি ট্ৰাম্প পুনৰ ৰাষ্ট্ৰপতি হোৱাতো নিশ্চিত হৈ পৰাৰ লগে লগে বিশ্বৰ বিভিন্ন দেশৰ ৰাষ্ট্ৰপ্ৰধানে তেওঁক শুভেচ্ছা জ্ঞাপন কৰে। ট্ৰাম্পৰ বন্ধু হিচাপে পৰিগণিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজয়ৰ শুভেচ্ছা জ্ঞাপন কৰি পুনৰ একেলগে কাম কৰিবলৈ পাব বুলি মন্তব্য কৰে। একেদৰে দীৰ্ঘদিন ধৰি মৌন হৈ থকাৰ অন্তত বাংলাদেশৰ নিৰ্বাসিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনায়ো ট্ৰাম্পক বিজয়ৰ বাবে অভিনন্দ জনায়। তেওঁ ট্ৰাম্পৰ যে অসাধাৰণ নেতৃত্ব দিব পৰা গুণ আছে সেয়া পুনৰ প্ৰমাণিত হ’ল বুলি মন্তব্য কৰে।