![ফটো সৌজন্যঃ ইণ্টাৰনেট ফটো সৌজন্যঃ ইণ্টাৰনেট](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/Kim-Trump-722x361.jpg?itok=DFm8AQJL)
ডিজিটেল ডেস্কঃ ভাবুকিৰেই আৰম্ভ হৈছে আমেৰিকা-উত্তৰ কোৰিয়াৰ যুঁজখন। এইবাৰ উত্তৰ কোৰিয়া চকুৰ পলকতে ধ্বংস কৰাৰ ভাবুকি দিছে ৱাশ্চিংটনে। এই কথা প্ৰকাশ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে৷
উত্তৰ কোৰিয়া সৈতে চলি থকা সংঘৰ্ষৰ বিষয়ে ক’বলৈ গৈ দেশখনক প্ৰায় এনেদৰেই ভাবুকি দিলে ৰাষ্ট্ৰপতিজনে৷ ট্ৰাম্পে কয় যে উত্তৰ কোৰিয়াৰ সংকট তেওঁ ৰাজনীতিৰে সমাধান কৰিব বিচাৰে, কিন্তু বৰ্তমান পৰিস্থিতিত এইটো সম্ভৱ নহয় বুলি উল্লেখ কৰে ৷
উত্তৰ কোৰিয়াৰ সমস্যা সমাধান বৃহত সংঘৰ্ষেৰেহে সম্ভৱ বুলি কয় ট্ৰাম্পে৷ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জোং উনে দেশখনৰ নৱপ্ৰজন্মক বিপথে পৰিচালিত কৰিছে বুলি মত প্ৰকাশ কৰে ট্ৰাম্পে৷
উল্লেখযোগ্য যে শুক্ৰবাৰে উত্তৰ কোৰিয়াৰ সমস্যা সমাধানৰ বাবে সংযুক্ত ৰাষ্ট্ৰ সুৰক্ষা পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হ’ব৷
বিগত দিনসমুহত বৃদ্ধি পাইছে আমেৰিকা আৰু উত্তৰ কোৰিয়াৰ মাজৰ সংঘাত৷ কেইদিনমান পুৰ্বেই আমেৰিকাক প্ৰতিহত কৰিবলৈ উত্তৰ কোৰিয়া সাজু বুলি উল্লেখ কৰিছিল উত্তৰ কোৰিয়াৰ মন্ত্ৰীয়ে৷