70
ডিজিটেল ডেস্কঃ ভাবুকিৰেই আৰম্ভ হৈছে আমেৰিকা-উত্তৰ কোৰিয়াৰ যুঁজখন। এইবাৰ উত্তৰ কোৰিয়া চকুৰ পলকতে ধ্বংস কৰাৰ ভাবুকি দিছে ৱাশ্চিংটনে। এই কথা প্ৰকাশ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে৷
উত্তৰ কোৰিয়া সৈতে চলি থকা সংঘৰ্ষৰ বিষয়ে ক’বলৈ গৈ দেশখনক প্ৰায় এনেদৰেই ভাবুকি দিলে ৰাষ্ট্ৰপতিজনে৷ ট্ৰাম্পে কয় যে উত্তৰ কোৰিয়াৰ সংকট তেওঁ ৰাজনীতিৰে সমাধান কৰিব বিচাৰে, কিন্তু বৰ্তমান পৰিস্থিতিত এইটো সম্ভৱ নহয় বুলি উল্লেখ কৰে ৷