ডিজিটেল ডেস্কঃ পেট্ৰল ভৰাই আমনি লাগিছে নেকি? নে পেট্ৰল ভৰাবৰ বাবে এই উৎকট গৰমত পেট্ৰল পাম্পত শাৰী পাতি অতিষ্ঠ হৈছে? অধৈৰ্য্য হোৱাৰ কোনো কাৰণ নাই।

কিয়নো বেংগালুৰুৰ ষ্টাৰ্টআপ কোম্পানী এটাই অতি সোনকালে ভাৰতৰ বজাৰত মুকলি কৰিব চাৰ্জ দিব পৰা স্কুটাৰ। এতিয়া ঘৰতে বহি চাৰ্জ দি দিনটোৰ বাবে ওলাই আহিব পাৰিব।

বাংগালুৰুস্থিত Ather Energy এ পোনপ্ৰথমবাৰৰ বাবে ভাৰতত S340-Billed নামৰ ইলেক্ট্ৰনিক চাৰ্জিং স্কুটাৰখন অতি শীঘ্ৰে বজাৰত মুকলি কৰি দিবলৈ যো-জা চলাইছে।  

মংগলবাৰে হোৱা এখন বৈঠকত কোম্পানীটোৰ প্ৰতিস্থাপক তৰুণ মেহতাই কয় যে যাৱতীয় কিছু পৰীক্ষা-নিৰীক্ষা শেষ কৰি অতি শীঘ্ৰে স্কুটাৰখন বজাৰত মুকলি কৰি দিব।

স্কুটাৰখনত গুগুল মেপ আৰু ৰিমোৰ্ট কন্ট্ৰলৰ সুবিধা থাকিব। জিএছএম আৰু ব্লুটুথৰ সুবিধাও আছে তাৰোপৰি  এণ্ড্ৰইডৰপৰা লিনাক্স অপাৰেটিং ছিষ্টেমৰ সুবিধাও উপলব্ধ হব।

স্কুটাৰখন চাৰ্জ দি প্ৰতি কিলোমিটাৰত ৫০-১০০ কিলোমিটাৰ প্ৰতি ঘণ্টা বেগ চলাব পাৰিব।স্কুটাৰখন পাবলৈ হ'লে ক্ৰেতাই ডেৰমাহ বা দুমাহ আগতেই বুকিং কৰি থব লাগিব।

এই স্কুটাৰখন প্ৰথম অৱস্থাত কেৱল বাংগালুৰু,পুনে আৰু চেন্নাইত উপলব্ধ হ'ব। স্কুটাৰখনৰ ওজন ৮৫ কিল'গ্ৰাম আৰু বেছি ভাগ অংশই এলুমিনিয়ামেৰে তৈয়াৰী |