নতুন দিল্লীঃ দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত আহি উপস্থিত হোৱা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আজি ভাৰতত দ্বিতীয়টো দিন। এই দ্বিতীয়টো দিনত ৰাষ্ট্ৰপতি ভৱনত পত্নী আৰু পৰিয়ালসহ আহি উপস্থিত হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধানগৰাকী। ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আনুষ্ঠানিকভাৱে আদৰণি জনাই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধানগৰাকীক। লগতে এই অনুষ্ঠানত উপস্থিত থাকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলো। ২১ টা টোপধ্বনিৰে ট্ৰাম্পক আদৰণি জনোৱা হয় ৰাষ্ট্ৰপতি ভৱনত।
ৰাজঘাটত ড’নাল্ড ট্ৰাম্প