51
জাগীৰোডঃ ১৬ মাহে দৰমাহে নাপালে কথাটো কেনেকুৱা হয় আমি বুজোঁ৷ দেউতাহঁতে আমাক নক’লেও আমি বুজো৷ দেউতাহঁতক আৰু লগতে কাম কৰা লোকসকলক দেখিলে বেয়া লাগে৷ অসম বিধান সভাৰ কাম কাজ প্ৰত্যক্ষ কৰিবলৈ আহি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি আৱেগিক হৈ পৰা এই মন্তব্য কৰা সন্দিকৈ কলেজৰ ছাত্ৰী পৰিস্মিতাৰ চৰ্চা অব্যাহত থকাৰ সময়তে সোমবাৰে পুৱাই জাগীৰোড কাগজ কলৰ এগৰাকী কৰ্মচাৰীয়ে টাৱাৰত উঠি আত্মহত্যা কৰাৰ চেষ্টা চলোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷
