খেৰণিঃ কাৰ্বি আংলং জিলাৰ পশ্চিম কাৰ্বি আংলঙৰ তুমপ্ৰেঙত শুকুৰবাৰে কৃষকৰ মাজত ৰবিশস্যৰ বীজ আৰু কৃষি সঁজুলিৰ বিতৰণ কৰে কাৰ্বি আংলং স্বয়ত্ত পৰিষদে৷ কৃষি বিভাগৰ উদ্যোগত ছয় শতাধিক দৰিদ্ৰ কৃষকক বিনামূলীয়াকৈ উন্নতমানৰ আলু, মটৰ, দাইল, সৰিয়হ আদিৰ বীজ প্ৰদান কৰা হয়৷ দা-কোৰ, কাঁচি, সা-সঁজুলি, পাৱাৰ-টিলাৰ, পাম্প আদি কৃষক ৰাইজৰ মাজত বিতৰণ কৰে কৃষি বিভাগে৷
কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কৃষি বিভাগৰ কাৰ্যবাহী আমৰছিং তিচ্ছৰ সভাপতিত্ব অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, পৰিষদীয় সদস্য ৰামছিং তিমুং, পৰিষদীয় পশু পালন বিভাগৰ প্ৰাক্তন বৰ্ড অধ্যক্ষ দিত্যলাল হাষ্ণু, বিভাগীয় বিষয়া চি-ইম টাৰ’, জিলা কৃষি বিষয়া মহেশ্বৰ ৰাজবংশী উপস্থিত থাকে। সভাত তুলিৰাম ৰংহাঙে কৃষক ৰাইজক উদ্দেশ্যে দিয়া ভাষণত কাৰ্বি আংলঙত যথেষ্ট পৰিমাণে কৃষকৰ উপযোগী কৃষি ভূমি আছে বুলি কৈ কৃষিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰি কাৰ্বি আংলঙৰ কৃষকক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷