Home ৰাজ্যকাৰ্বি আংলঙৰ তুমপ্ৰেঙত তুলিৰাম ৰংহাং কৃষক ৰাইজৰ মাজত কৃষি সামগ্ৰী বিতৰণ

কাৰ্বি আংলঙৰ তুমপ্ৰেঙত তুলিৰাম ৰংহাং কৃষক ৰাইজৰ মাজত কৃষি সামগ্ৰী বিতৰণ

by News Desk
54 views
A+A-
Reset

খেৰণিঃ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধিনত থকা কাৰ্বি আংলং কৃষি বিভাগৰ উদ্যোগত পশ্চিম কাৰ্বি আংলঙৰ তুমপ্ৰেঙত আজি আনুষ্ঠানিকভাৱে কৃষক ৰাইজৰ মাজত কৃষি সামগ্ৰী, বীজ, সঁজুলি আদি বিতৰণৰ এখন বিতৰণি সভা অনুষ্ঠিত হৈ যায়। উল্লেখিত যে বিভাগতোৱে তিনি শতাধিক কৃষক ৰাইজৰ উপস্থিতিৰে আয়োজন কৰা অনুষ্ঠানৰ যোগেদি প্ৰাপ্য আৰু দৰিদ্ৰ কৃষক ৰাইজক বিনামূলীয়াকৈ উন্নতমানৰ আলুৰ বীজ প্ৰদান কৰাৰ উপৰিও দা-কোৰ, কাঁচি, কীটনাশক স্প্রে মেচিন, তিৰপাল, প্লাষ্টিক বক্স আদি সা-সঁজুলি কৃষক ৰাইজৰ মাজত বিতৰণ কৰে। 

উল্লেখযোগ্য যে আয়োজিত অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধিনৰ কৃষি বিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য আমৰছিং তিচ্ছ উপস্থিত হৈ বিতৰণী সভাৰ সভাপতিত্ব কৰাৰ বিপৰীতে সভাত মুখ্য অতিথি হিচাপে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত থকাৰ লগতে কাৰ্যবাহী সদস্য ক্ৰমে জগৎছিং ইংতি, খনছিং ৰংপি, হৰেনছিং বে’, মঙ্গলছিং তিমুং, পৰিষদীয় সদস্য ৰামছিং তিমুং, দৰছিং ৰংহাং, পৰিষদীয় পশু পালন বিভাগৰ প্ৰাক্তন বৰ্ড অধ্যক্ষ দিত্যলাল হাষ্ণু, বিভাগীয় কৃষি বিষয়া, অন্যান্য বিশিষ্ট লোক উপস্থিত থাকে এই বিতৰণী অনুষ্ঠানত। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0