বিশেষ প্ৰতিবেদনঃ চীনৰ আক্ৰমণৰ পৰা অসম তথা উত্তৰ-পূবক সুৰক্ষা দিবলৈ বৰ লুইতত হ’ব সুৰংগ পথ। লুইতৰ পানীৰ তলেৰে যাবলগীয়া এই সুৰংগ পথে সংযোগ কৰিব গহপুৰ আৰু নুমলীগড়ক। সুৰংগ পথ নিৰ্মাণৰ বাতৰি প্ৰকাশ পোৱাৰ লগে লগে সমগ্ৰ দেশৰ লগতে অসমৰ ছ’চিয়েল মিডিয়াত নেটিজেনসকলে বিষয়টোক লৈ ব্যাপক চৰ্চা কৰা দেখা গৈছে।
একাংশ লোকে বৰ্তমানৰ চৰকাৰখনৰ বিগত সময়ছোৱাৰ প্ৰতিশ্ৰুতি আৰু সেয়া ৰূপায়ণ কৰাৰ উমঘাম নেদেখি এনে ঘোষণাক আকাশত চাং পতা সদৃশ হিচাপে অভিহিত কৰাৰ বিপৰীতে আন একাংশই সেয়া হ’বই বুলি দাবী কৰিছে। হ’বই বুলি দাবী কৰাসকলৰ যুক্তি এয়াই যে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে আৰু মাজুলীত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ নহ’লেও সুৰংগ পথৰ সৈতে দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ বিষয়টো জড়িত হৈ আছে বাবে এইটো প্ৰকল্প চৰকাৰে ৰূপায়ণ কৰিবই।