Home ৰাজ্যঅসম-অৰুণাচল সীমান্তৰ ডিৰাকত ৯গৰাকী কিশোৰ সহ ২২জন বাংলাদেশী আটক

অসম-অৰুণাচল সীমান্তৰ ডিৰাকত ৯গৰাকী কিশোৰ সহ ২২জন বাংলাদেশী আটক

by News Desk
51 views
A+A-
Reset

newsnextone.com | তিনিচুকীয়াঃ অসম-অৰুণাচল সীমান্তৰ ডিৰাকত ২২জনকৈ সন্দেহজনক বাংলাদেশৰ নাগৰিক ধৰা পৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ইয়াৰে ৯গৰাকী কিশোৰ৷ অৰুণাচল প্ৰদেশৰ তেজুৰ ৱাক্ৰত ৰচিদ আহমেদ নামৰ মিস্ত্ৰীজনে কমিচনৰ অংকত লোককেইজনক অানিছিল বুলি জানিব পৰা যায়৷ কৰিমগঞ্জ জিলাৰ এগৰাকী এজেণ্টৰ জৰিয়তে অসমলৈ আহিছিল বাংলাদেশৰ নাগৰিকসকল৷

ডিৰাক সীমান্তৰ তালাচী চকীত আন্তঃৰাজ্যিক পাৰপত্ৰ পৰীক্ষাৰ সময়ত জোলোঙাৰ মেকুৰী ওলাই পৰে৷ তেওঁলোকে দাখিল কৰা পঞ্চায়ত আৰু নিজ গাঁৱৰ নাম ক’ব নোৱাৰি পলাবলৈ চেষ্টা কৰোতে স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে কৰায়ত্ত কৰে৷ লোককেইজনে ভুৱা ভোটাৰ কাৰ্ড, পঞ্চায়তৰ পৰিচয় পত্ৰ দেখুৱাইছিল তালাচী চকীত৷ ফলত সন্দেহ ওপজাত সোধ-পোছ কৰাত বাংলেদেশৰ পৰা অহা বুলি আৰু কৰিমগঞ্জ জিলাৰ এগৰাকী লোকৰ জৰিয়কে অহা বুলি প্ৰকাশ কৰে৷ উল্লেখ্য যে, সম্প্ৰতি কেউজনকে বৰডুমচা আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0