newsnextone.com | তিনিচুকীয়াঃ অসম-অৰুণাচল সীমান্তৰ ডিৰাকত ২২জনকৈ সন্দেহজনক বাংলাদেশৰ নাগৰিক ধৰা পৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ইয়াৰে ৯গৰাকী কিশোৰ৷ অৰুণাচল প্ৰদেশৰ তেজুৰ ৱাক্ৰত ৰচিদ আহমেদ নামৰ মিস্ত্ৰীজনে কমিচনৰ অংকত লোককেইজনক অানিছিল বুলি জানিব পৰা যায়৷ কৰিমগঞ্জ জিলাৰ এগৰাকী এজেণ্টৰ জৰিয়তে অসমলৈ আহিছিল বাংলাদেশৰ নাগৰিকসকল৷
ডিৰাক সীমান্তৰ তালাচী চকীত আন্তঃৰাজ্যিক পাৰপত্ৰ পৰীক্ষাৰ সময়ত জোলোঙাৰ মেকুৰী ওলাই পৰে৷ তেওঁলোকে দাখিল কৰা পঞ্চায়ত আৰু নিজ গাঁৱৰ নাম ক’ব নোৱাৰি পলাবলৈ চেষ্টা কৰোতে স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে কৰায়ত্ত কৰে৷ লোককেইজনে ভুৱা ভোটাৰ কাৰ্ড, পঞ্চায়তৰ পৰিচয় পত্ৰ দেখুৱাইছিল তালাচী চকীত৷ ফলত সন্দেহ ওপজাত সোধ-পোছ কৰাত বাংলেদেশৰ পৰা অহা বুলি আৰু কৰিমগঞ্জ জিলাৰ এগৰাকী লোকৰ জৰিয়কে অহা বুলি প্ৰকাশ কৰে৷ উল্লেখ্য যে, সম্প্ৰতি কেউজনকে বৰডুমচা আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে৷