ডিজিটেল ডেস্কঃ ভাবুকি প্ৰদান কৰা এটি ফোনকল। ‘ঘৰত বিষাক্ত সাপ এৰি দিম। সকলোৱে মৰিবি।’ তাৰপিছতে ঘৰত উদ্ধাৰ হ’ল বিষধৰ সৰ্প। নিৰ্ভীক বাতৰি সম্প্ৰচাৰৰ বাবে এটি টিভি চেনেলৰ পৰিচালন সঞ্চালকক এইদৰে শীতল মস্তিষ্কৰে হত্যা কৰাৰ চক্ৰান্ত কৰা হৈছে। এই ঘটনা সংঘটিত হৈছে গুজৰাটৰ ৰাজধানী আহমেদাবাদত।
উক্ত টিভি চেনেলটোৱে কিছুদিন পূৰ্বে কুশল ট্ৰেডলিংক লিমিটেড নামৰ এটি সংস্থাৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰিছিল। কুশল ট্ৰেডলিংক লিমিটেডৰ কৰ্ণধাৰ হৈছে সন্দীপ আগৰৱালা নামৰ এজন লোক।