newsnextone.com | গুৱাহাটীঃ সোমবাৰে পুৱা ১০ বজাত মুকলি কৰা হ'ল এনআৰচিৰ চূড়ান্ত খচৰা। সোমাবাৰে পুৱা ১০ বজাত এনআৰচিৰ চূড়ান্ত খচৰা এনআৰচিৰ গুৱহাটীস্থিত ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ত মুকলি কৰে দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছ, উত্তৰ পূৰ্বাঞ্চলৰ গৃহ সচিব সত্যেন্দ্ৰ গাৰ্গ আৰু এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই। অনলাইন যোগে আনুষ্ঠানিকভাৱে প্ৰকাশ পােৱাৰ পিছতে ৪০ লাখ ৭ হাজাৰ লোকৰ নাম সন্নিৱিষ্ট হোৱা নাই এই কথা ওলাই পৰে। 

তাৰ লগে লগেই বিভিন্ন জনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছতে কলিয়াবৰৰ কংগ্ৰেছেী সাংসদ গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জাতি ধৰ্মীৰ কথা পাহৰি কংগ্ৰেছৰ নেতা-কৰ্মীক প্ৰতৃত ভাৰতীয়ৰ অধিকাৰৰ বাবে কাম কৰাৰ আহ্বান জনায়।

সাংসদ গৌৰৱ গগৈয়ে কয় যে কংগ্ৰেছ দলৰ নেতা-কৰ্মীক মই অনুৰোধ জনাইছোঁ। অসমৰ সমূহ প্ৰকৃত নাগৰিকক কংগ্ৰেছ কৰ্মীয়ে সহায় কৰক। হিন্দু-মাছলমান, বাঙালী ভাষী নতুবা জনজাতি যিয়ে নহওঁক যাতে প্ৰকৃত নাগৰিক কাৰোৰে এনআৰচিৰ পৰা নাম বাদ নপৰে তাৰ বাবে কাম কৰক। কংগ্ৰেছ পাৰ্টিয়ে কেৱল তেওঁলোকৰ অধিকাৰৰ বাবে মাত দিব।