কোকৰাঝাৰঃ যাত্ৰীক পৰিচৰ্যাৰ ক্ষেত্ৰত ৰে’ল বিভাগে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে বুলি উত্থাপন হৈ অহা অভিযোগ বহুদিনৰ। সময়ে সময়ে বিভাগটোৱে এই ক্ষেত্ৰত একাধিক প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে যদিও সেয়া প্ৰতিশ্ৰুতি হৈয়ে ৰৈছে।
ইয়াৰ মাজতে আজি ৰে’ল সেৱাৰ নিম্ন মানদণ্ড উজনিমুৱা ১২৫০৯ নং বাংগালুৰু এক্সপ্ৰেছ ৰে’লখনত সাংবাদিকৰ এটা দলৰ সন্মুখতে উন্মোচিত হয়৷ বাংগালুৰুৰ পৰা গুৱাহাটী অভিমুখী বাংগালুৰু এক্সপ্ৰেছ ত বিশুদ্ধ খাদ্যৰ নামত লুন্ঠনৰ এক জ্বলন্ত উদাহৰণ দেখিবলৈ পালে চেন্নাইৰ পৰা উভতি অহা বিটিএডিৰ সাংবাদিকৰ এটি দলে ৷