ডিফুঃ কাৰ্বি আংলং জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতে আজি এক হত্যাকাণ্ডৰ গোচৰৰ ৰায়দান দি ১২ জনকৈ লোকক দোষী সাব্যস্ত কৰে। এই হত্যাকাণ্ডই ২০১৩ চনৰ জুন মাহত দেশজুৰি সৃষ্টি কৰিছিল চাঞ্চল্যৰ। ঝংকাৰ হত্যাকাণ্ড হিচাপে চৰ্চিত উক্ত হত্যাকাণ্ডৰ গোচৰৰ ৰায়দানত ১৬ গৰাকী অভিযুক্তৰ ভিতৰত ১২জনকেই দোষী সাব্যস্ত কৰে সত্ৰ ন্যায়াধীশ এ আহমেদৰ বিচাৰপীঠে৷ এতিয়া অহা শুকুৰবাৰে আদালতে ঘোষণা কৰিব দোষী সাব্যস্ত হোৱাসকলৰ শাস্তি। 

কোন কোন দোষী সাব্যস্ত হ’ল?

লোমহৰ্ষক ঝংকাৰ হত্যাকাণ্ড গোচৰত অভিযুক্ত ১৬ জনৰ অধিকাংশই আছিল অটোচালক। ইয়াৰ লগতে কেবাজনো আৰক্ষীৰ লোকৰ বিৰুদ্ধেও উত্থাপিত হৈছিল অভিযোগ। অভিযুক্তসকল হৈছে ছাৰচিং টেৰণ, ৰবিণচন টেৰণ, সঞ্জয় ৰংফাৰ, বিক্ৰম টিচ', ইনুচ তিমুং, জেনচিং টেৰণ, বিশ্বজিত হাঞ্চে, বিনিং তেৰাং, চাৰবংৰি টোৰাং, ফিলিপছন টাৰ', দিলীপ টেৰণ, ছাৰ্থে বে', হাবিলদাৰ হাৰুণ বৰা, হেইতেশ ৰাভা ওৰফে মাঞ্চ, মঙলছিং ৰংফাৰ আৰু আৰক্ষীৰ সহ পৰিদৰ্শক ৰমেশ চন্দ্ৰ নাথ৷ আজিৰ ৰায়দানত দিলীপ টেৰণ, ছাৰ্থে বে, আৰক্ষীৰ সহঃপৰিদৰ্শক ৰমেশ নাথ আৰু হাবিলদাৰ হাৰুণ বৰাক নিৰ্দোষী ঘোষণা কৰি বাকী থকা আটাইকেইজনে দোষী সাব্যস্ত কৰে আদালতে।

কেতিয়া সংঘটিত হৈছিল হত্যাকাণ্ড?

হত্যাকাণ্ড সংঘটিত হৈছিল ৭ বছৰ পূৰ্বে ২০১৩ চনৰ ২৫ জুনত৷ কাৰ্বি আংলং জিলাৰ ডিফু চহৰত সংঘটিত হৈছিল এই ঘটনা৷ গোচৰত দুজন আৰক্ষীৰ লোক সহ মুঠ ১৬ জন লোকক অভিযুক্ত কৰা হৈছিল৷ ইয়াৰে ১৪ জন ডিফু কাৰাগাৰত বৰ্তমানেও কাৰাবন্দী হৈ আছে৷ আনহাতে ঘটনাৰ সময়ত উক্ত স্থানত উপস্থিত থাকিও বিপদত পৰা লোকক উদ্ধাৰৰ চেষ্টা নকৰাত গোচৰটোত দুই আৰক্ষী ৰমেশ নাথ আৰু হাৰুণ বৰাক অভিযুক্ত কৰা হয়।

১০-২০ টকাৰ বাবেই হত্যাকাণ্ড

গোলাঘাট জিলাৰ এগৰাকী অধিবক্তা হৰেণ শইকীয়া। আইনী সেৱাৰ বাবে কাৰ্বিং আলঙত বসবাস কৰা অধিবক্তা শইকীয়াৰ পুত্ৰ আছিল ঝংকাৰ শইকীয়া৷ ঘটনা সংঘটিত হোৱাৰ দিনটোত অধিবক্তা হৰেন শইকীয়াই পুত্ৰ ঝংকাৰ শইকীয়াক লগত লৈ অটো ভাৰা কৰি ডিফু চহৰত উপস্থিত হৈছিল৷ অটো ভাৰা নিৰ্ধাৰিত নিৰিখতকৈ ১০-২০ টকা বেছিকৈ বিচৰা বাবেই প্ৰশ্ন কৰিছিল চালকজনক প্ৰশ্ন কৰিছিল ঝংকাৰ শইকীয়া আৰু তেওঁৰ পিতৃয়ে। 

প্ৰশ্ন কৰাৰ ফলত প্ৰথমে তৰ্কা-তৰ্কি লাগে। পিছত তৰ্কা-তৰ্কিয়ে ভয়াৱহ ৰূপ লয় আৰু কেবাজনো অটো চালক লগ হৈ দিনৰ পোহৰতে ডিফু চহৰৰ মাজমজিয়াত পিতৃৰ সমুখতে ঝংকাৰ শইকীয়াৰ ওপৰত সংঘটিত কৰে আক্ৰমণ৷ সেই সময়ত অভিযোগ উত্থাপন হোৱা মতে, ঝংকাৰ শইকীয়া আৰু পিতৃ হৰেণ শইকীয়াৰ মৰণকাতৰ চিঞৰ শুনিও কোনেও আগবাঢ়ি অহা নাছিল তেওঁলোকক ৰক্ষা কৰিবলৈ৷ উন্মত্ত হৈ পৰা লোকসকলৰ আক্ৰমণত এটা সময়ত লেবেজান হৈ মৃত্যুক সাবটিছিল ঝংকাৰে। নিজ পুত্ৰই মৃত্যুক সাবটি লোৱা এই সমস্ত দৃশ্য অসহায় হৈ চাই ৰোৱাৰ বাদে আন কোনো উপায় নাছিল পিতৃ হৰেণ শইকীয়াৰ।

উচ্চ ন্যায়ালয় পাব নেকি গোচৰটো?

সত্ৰ ন্যায়াধীশৰ আদালতে ১২জনকৈ অভিযুক্তক দোষী সাব্যস্ত কৰাৰ পিছতে পৰৱৰ্তী পদক্ষেপক লৈ ব্যস্ত হৈ পৰিছে তেওঁলোকৰ হৈ ওকালতি কৰা অধিবক্তা। শুকুৰবাৰে শাস্তি ঘোষণা কৰাৰ পিছতেই সেই শাস্তিৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব নে নাই সেই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি NNOক জনাইছে অভিযুক্ত পক্ষৰ অধিবক্তাগৰাকীয়ে। 'আমি আদালতে কি শাস্তি দিয়ে সেয়া চাই লম। তাৰ পিছতে আমি সিদ্ধান্ত লম উচ্চ ন্যায়ালয়লৈ যাম নে নাযাম। ইতিমধ্যে আমি আইন অনুযায়ী পৰৱৰ্তী প্ৰক্ৰিয়া আৰম্ভ কৰিছো।'-এইদৰে কয় অধিবক্তাগৰাকীয়ে।