আমগুৰিঃ পৰকীয়া প্ৰেমত পৰি এতিয়া বাতৰিৰ শিৰোনাম হ’ল এজন লম্পট স্বামী৷ শিৱসাগৰ জিলাৰ আমগুৰি নগৰৰ বৰুৱা পুখুৰী গাঁৱৰ ঘটনা এয়া৷ মুছলমান ধৰ্মাৱলম্বী মহিলাসকলৰ বাবে অভিশপ্ত হৈ পৰা তালাকৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিলেও এতিয়াও এই তালাকৰ হাতোৰাৰ পৰা ৰক্ষা পৰা নাই মহিলাসকল৷
নবৌৱেকৰ সৈতে অবৈধ সম্পৰ্কৰ ফলশ্ৰুতিত শিৱসাগৰ জিলাৰ আমগুৰি নগৰৰ বৰুৱা পুখুৰী কোঁৱৰ গাঁও নিবাসী স্বামীৰ পৰা তালাকৰ ভাবুকি পালে নাজমা বেগম নামৰ এগৰাকী মহিলাই৷ বৌৱেকৰ লগত অবৈধ প্ৰেমৰ বাবেই পত্নীক তালাক বিচাৰিছে মহম্মদ ৰেকিবুল হুছেইন নামৰ লম্পট স্বামীয়ে।