কলিয়াবৰঃ নগাঁও আৰক্ষীৰ অভিযানত পুনৰ জালত পৰিল কাজিৰঙাৰ গঁড় হত্যাৰ সৈতে জড়িত চোৰাং চিকাৰী৷ জিলা খনৰ জখলাবন্ধা আৰক্ষীয়ে বুধবাৰে নগাঁৱৰ কঠিয়াতলিৰ ২নং কাৱৈমাৰি গাঁৱৰ জাকিৰ হুছেইন আৰু কলিয়াবৰৰ বাগৰিৰ ফাৰুক আলিক আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, ফাৰুক আলিয়ে গঁড় হত্যাকাণ্ডৰ অভিযোগত পূৰ্বেও জেল খাটিব লগা হৈছিল৷ ২ আৰু ৪ নৱেম্বৰত কাজিৰঙাৰ বুঢ়াপাহাৰত পোৱালীসহ তিনিটাকৈ গঁড় হত্যা হৈছিল৷
গঁড় হত্যাৰ পিছতে ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল৷ এটাৰ পিছত আনটো গঁড় চোৰাং চিকাৰীয়ে হত্যা কৰাত ৰাজ্য চৰকাৰ বন বিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছিল ৰাইজ। তাৰ পিছতে সস্তম হৈ পৰিছিল নগাঁও আৰক্ষী৷ মঙলবাৰে পুৱা আৰক্ষীয়ে তীব্ৰ অভিযান চলাই চোৰাং চিকাৰীৰ বিৰুদ্ধে৷ অভিযানত নগাঁও জিলাৰ কাকীমাৰিৰ জিয়াবুৰ ৰহমান, আঞ্জুপানীৰ কালিভেটিৰ কাথাৰ ইংতি গাঁৱৰ বিৰেন ইংতিক আটক কৰিবলৈ সক্ষম হয়। বিৰেন আৰু জিয়াবুৰক আৰক্ষীয়ে মাৰাধান জেৰা চলোৱাৰ অন্তত গঁড় হত্যা কাণ্ডৰ বহু গোপন ৰহস্য ফাদিল কৰে দুয়োজনে৷