বিহগুৰিঃ শোণিতপুৰ জিলাৰ ঠেলামৰাৰ বেলশিৰিস্থিত হোটেল পাঞ্জাৱত বহু দিনৰ পৰা অবৈধ সুৰাৰ ব্যৱসায় চলি থকাৰ মাজতে আজি হোটেলখনত প্ৰশাসনে অভিযান চলাই সুৰা উদ্ধাৰ কৰবলৈ সক্ষম হয়৷
দীৰ্ঘদিনৰ পৰা হোটেলখনত অবৈধ মদৰ ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপন হৈ আহিছিল যদিও প্ৰশাসনে গুৰুত্ব আৰোপ কৰা নাছিল৷
আজি ঠেলামৰা ৰাজহ চক্ৰ বিষয়াই আৱকাৰী বিভাগৰ এটি দল লগত লৈ হোটেল পাঞ্জাৱত অভিযান চলায়। অভিযান কালত অবৈধ সুৰা জব্দ কৰাৰ লগতে হোটেল খনৰ স্বত্বাধিকাৰীৰ পুত্ৰক আটক কৰে।
ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা হোটেলখনৰ সন্মুখতে এখন বিদ্যালয় থকাৰ পিছতো অবৈধভাৱে সুৰাৰ ব্যৱসায় চলাই গৈছিল হোটেল কৰ্তৃপক্ষই৷