69
নাৰায়ণপুৰঃ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুসৰি নাৰায়ণপুৰৰ পিছলা নেশ্যনেল একাডেমীৰ ভাৰ্গৱ প্ৰতিম বৰাই ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। একেটা অঞ্চলৰ আন এখন বিদ্যালয় জ্ঞানজ্যোতি একাডেমীৰ অয়ন কৌশিক মহন্তই লাভ কৰে নৱম স্থান।
নাৰায়ণপুৰ অঞ্চলৰ এই দুই ছাত্ৰই মেধাৰ পৰিচয়েৰে অসমৰ লগতে নাৰায়ণপুৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাত উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী। ভাৰ্গৱে সৰ্বমুঠ ৫৮৭ নম্বৰ লাভ কৰে।