মোৰাঝাৰঃ গুৱাহাটীৰ দুখন আগশাৰীৰ মহাবিদ্যালয়ত অধ্যয়ণৰত দুগৰাকী ছাত্ৰীক চুবুৰীয়াই বৰ্বৰ আক্ৰমণ কৰি হত্যা কৰাৰ চেষ্টা চলোৱাৰ ঘটনাই তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে হোজাই জিলাৰ ডবকাত৷ ডবকাৰ দুগৰাকী কলেজীয়া ছাত্ৰীক বৰ্বৰ নিৰ্যাতন চলোৱাৰ ঘটনাই উত্তেজনাই সৃষ্টি কৰিছে হোজাইত৷ দুগৰাকী কলেজীয়া ছাত্ৰীক দলৱদ্ধ আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে উত্তেজনাই বিৰাজ কৰে৷
এই ঘটনা সংঘটিত হৈছিল যোৱা ৮ জানুৱাৰীত৷ বহু পলমকৈ পোহৰলৈ অহা এই ঘটনাই হোজাইৰ নাৰীৰ সুৰক্ষাক লৈও চিন্তিত হৈ পৰিছে সচেতন লোক৷ জানিব পৰা মতে, হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত ডবকাৰ সমীপৰ মোবাৰকবস্তীৰ দুগৰাকী ছাত্ৰীয়ে গুৱাহাটীৰ পৰা ঘৰলৈ আহে৷ ঘৰত আহি পোৱাৰ কিছু সময় পিছতে কেইগৰাকীমান লোকে তেওলোকৰ গৃহত প্ৰবেশ কৰে৷