কোকিলা/বাৰপূজীয়াঃ বানৰ পানী লাহে লাহে শুকাবলৈ লৈছে যদিও এতিয়াও বিপদে লগ এৰা দিয়া নাই বানাক্ৰান্তক। ৰাজ্যত ইতিমধ্যে কেইবাটাও শিশুৱে বাঢ়নী পানীত পৰি মৃত্যুক আকোৱালি লোৱাৰ সময়তে আজি পুনৰ প্ৰাণ ললে এটি এবছৰীয়া শিশু আৰু এগৰাকী ১৪ বছৰীয়া কিশোৰীৰ৷
প্ৰাপ্ বাতৰি মতে, বঙাইগাঁও জিলাৰ মাণিকপুৰৰ ৩নং বাশবাৰীত নিজ ঘৰৰ চোতালৰ কাষেৰে বৈ যোৱা নলাত পৰি মৃত্যু হয় এবছৰীয়া কেচুৱা আমিনা খাতুনৰ। পৰিয়ালৰ সদস্যসকলে শিশুটোক ঘৰত অকলে এৰি পথাৰত কাম কৰি থকাৰ সময়তে কেচুৱাটোৱে নলাত পৰে৷