তিনিচুকীয়াঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দূৰ সংযোগী পাঠ্যক্ৰমৰ প্ৰাৰম্ভিক বৰ্ষৰ MCQ পৰীক্ষা অনুষ্ঠিত হ’ব অহা ২ জুলাইত। অন্যহাতে উক্ত দিনাই অনুষ্ঠিত হ’ব অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা। এইদৰে একে দিনাই দুটা গুৰুত্বপূৰ্ণ পৰীক্ষা অনুষ্ঠিত কৰাক লৈ স্বাভাৱিকতে বিপাঙত পৰিছে বহু ছাত্ৰ-ছাত্ৰী।
ইফালে উচ্চ শিক্ষা গ্ৰহণৰ বাবে মন মেলা দূৰ সংযোগী পাঠ্যক্ৰমৰ বহু বৈকল্পিক বাছনি পৰীক্ষা আৰু আনফালে গুৰুত্বপূৰ্ণ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰম্ভিক পৰীক্ষা। যিকোনো এটাত বহিলেই আনটোৰ পৰা বঞ্চিত হোৱাটো নিশ্চিত। এনে পৰিস্থিতিয়ে স্বাভাৱিকতে বিবুধিত পেলাইছে দুয়োটা পৰীক্ষাৰ বাবে সাজু হৈ থকা শতাধিক ছাত্ৰ-ছাত্ৰীক।