Home ৰাজ্যশিৱসাগৰত হোটেলৰ বাথৰুমত মহিলাৰ ভিডিঅ’ ৰেকৰ্ডিং, ধৃত ২

শিৱসাগৰত হোটেলৰ বাথৰুমত মহিলাৰ ভিডিঅ’ ৰেকৰ্ডিং, ধৃত ২

by News Desk
91 views
A+A-
Reset

শিৱসাগৰঃ হোটেলত থাকিবলগীয়া হ’লে সাৱধান। বিশেষকৈ মহিলাসকল। গুৱাহাটী বাদেই মফচলীয়া চহৰসমূহতো সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। অন্যাথাই শিৱসাগৰৰ হোটেল শিৱা পেলেচত সংঘটিত হোৱাৰ দৰে ঘটনা আপোনাৰ জীৱনতো যে নঘটিব সেয়া ন দি ক’ব পৰা নাযায়। মহিলাৰ বাথৰুমৰ গোপনীয়তাৰ দৃশ্য বিশেষ কৌশলৰে ভিডিঅ’ ৰেকৰ্ডিং কৰিবলৈ চেষ্টা চলাই মেনেজাৰসহ উক্ত হোটেলখনৰ দুজনকৈ কৰ্মচাৰী আৰক্ষীৰ জালত পৰা ঘটনাই এতিয়া সমগ্ৰ চহৰখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ধৃত হোটেলৰ কৰ্মচাৰীজনক নেমুগুৰি অঞ্চলৰ জনৈক মিণ্টু নাথ বুলি আৰক্ষীয়ে জানিবলৈ দিছে। প্ৰাপ্ত বাতৰি মতে, গুৱাহাটীৰ এখন মহাবিদ্যালয়ত কৰ্মৰত এগৰাকী প্ৰবক্তাই মাতৃ আৰু পৰিয়ালৰ আন সদস্যসকলৰ সৈতে যোৱা ২৪ জুনত নিশা কটাবলৈ বুলি হোটেলখনৰ ৩০৮ নং কোঠাত প্ৰৱেশ কৰিছিল। কোঠাটোত প্ৰৱেশ কৰি ফ্ৰেছ হ’বলৈ বুলি বাথৰুমত প্ৰৱেশ কৰাৰ সময়তে প্ৰবক্তাগৰাকীয়ে হঠাৎ উপলব্ধি কৰে যে কোনো লোকে এখন খোলা খিৰিকিৰে তেওঁক মোবাইল কেমেৰাৰে ভিডিঅ’ ৰেকৰ্ডিং কৰি আছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0