Image for Representation
Image for Representation

শিৱসাগৰঃ হোটেলত থাকিবলগীয়া হ’লে সাৱধান। বিশেষকৈ মহিলাসকল। গুৱাহাটী বাদেই মফচলীয়া চহৰসমূহতো সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। অন্যাথাই শিৱসাগৰৰ হোটেল শিৱা পেলেচত সংঘটিত হোৱাৰ দৰে ঘটনা আপোনাৰ জীৱনতো যে নঘটিব সেয়া ন দি ক’ব পৰা নাযায়। মহিলাৰ বাথৰুমৰ গোপনীয়তাৰ দৃশ্য বিশেষ কৌশলৰে ভিডিঅ’ ৰেকৰ্ডিং কৰিবলৈ চেষ্টা চলাই মেনেজাৰসহ উক্ত হোটেলখনৰ দুজনকৈ কৰ্মচাৰী আৰক্ষীৰ জালত পৰা ঘটনাই এতিয়া সমগ্ৰ চহৰখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ধৃত হোটেলৰ কৰ্মচাৰীজনক নেমুগুৰি অঞ্চলৰ জনৈক মিণ্টু নাথ বুলি আৰক্ষীয়ে জানিবলৈ দিছে। প্ৰাপ্ত বাতৰি মতে, গুৱাহাটীৰ এখন মহাবিদ্যালয়ত কৰ্মৰত এগৰাকী প্ৰবক্তাই মাতৃ আৰু পৰিয়ালৰ আন সদস্যসকলৰ সৈতে যোৱা ২৪ জুনত নিশা কটাবলৈ বুলি হোটেলখনৰ ৩০৮ নং কোঠাত প্ৰৱেশ কৰিছিল। কোঠাটোত প্ৰৱেশ কৰি ফ্ৰেছ হ’বলৈ বুলি বাথৰুমত প্ৰৱেশ কৰাৰ সময়তে প্ৰবক্তাগৰাকীয়ে হঠাৎ উপলব্ধি কৰে যে কোনো লোকে এখন খোলা খিৰিকিৰে তেওঁক মোবাইল কেমেৰাৰে ভিডিঅ’ ৰেকৰ্ডিং কৰি আছে।

লগে লগে তেওঁ চিঞৰ-বাখৰ লগায় আৰু এলাৰ্ম বজাই বিষয়টো হোটেল কৰ্তৃপক্ষক অৱগত কৰে। হোটেল কৰ্তৃপক্ষই সেয়া কোনোপধ্যে সম্ভৱ নহয় বুলি দাবী কৰি সেয়া তেওঁৰ মনৰ ভ্ৰম বুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰে। হোটেলৰ মেনেজাৰজনে যিটো কোঠাৰ পৰা প্ৰবক্তাগৰাকীয়ে খিৰিকিৰে ভিডিঅ’ ৰেকৰ্ডিং কৰি থকা বুলি সন্দেহ কৰিছিল সেই কোঠাটোত থকা লোকজনে তলা বন্ধ কৰি থৈ গৈছে বুলি মন্তব্য কৰি খুলি দিবলৈ অস্বীকাৰ কৰে।

মেনেজাৰৰ তেনে আচৰণত সন্দেহ অধিক গাঢ় হোৱাত প্ৰবক্তাগৰাকীয়ে সেই মুহূৰ্ততে পৰিয়ালৰ বাকী সদস্যসহ হোটেলখন ত্যাগ কৰে। তেতিয়া নিশা ১১ বাজিছিল। হোটেলৰ পৰা ওলাই গৈয়ে তেওঁ ঘটনা সন্দৰ্ভত শিৱসাগৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৩৫৪-চি, ৫০৬, ৪৬৮ আৰু ৩৪ ধাৰাৰ অধীনত ৪৩২-১৭ নম্বৰত এটি গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।

অনুসন্ধানত আৰক্ষীয়ে জানিব পাৰে যে প্ৰবক্তাগৰাকীয়ে হোটেলত প্ৰৱেশ কৰাৰ দিনাখনেই সন্দেহজনক কোঠাটোত থকা তেজপুৰৰ লোকজনে নিচেই পুৱাতে হোটেল এৰিছিল আৰু উক্ত কোঠাটোত সেইদিনা কোনো লোকৰ নামত বুকিং হোৱা নাছিল। পিছত যেতিয়া চিচি টিভি ফুটেজ পৰীক্ষা কৰে তেতিয়া আৰক্ষীৰ সমুখত স্পষ্ট হৈ পৰে যে ঘটনাৰ মূল নায়ক হৈছে হোটেলখনৰ এজন কৰ্মচাৰী। আচৰিত ধৰণে হোটেলখনৰ মেনেজাৰজনে সমগ্ৰ ঘটনাটোক অন্যফালে ঢাল খুৱাবলৈ চেষ্টা কৰাটোও আৰক্ষীয়ে জানিব পাৰে।

আৰক্ষীৰ মুখেৰে ঘটনাৰ প্ৰকৃত ৰহস্য জানিব পাৰি ক্ষুব্ধ হৈ পৰা ভূক্তভোগী প্ৰবক্তাগৰাকীয়ে এয়া হোটেল মেনেজমেণ্টৰ জ্ঞাতসাৰেই হৈ আহিছিল বুলি দাবী কৰিছে। সমগ্ৰ ঘটনা অতি স্পৰ্শকাতৰ আৰু গুৰুত্বসহকাৰে ল’বলগীয়া বুলিও মন্তব্য কৰে প্ৰবক্তাগৰাকীয়ে। হোটেলখনত এনে কাৰ্য দীৰ্ঘদিন ধৰি চলি আহিব পাৰে বুলিও অনুমান ব্যক্ত কৰি তেওঁ কয় যে অধিক অনুসন্ধানহে প্ৰকৃত সত্য পোহৰলৈ আনিব।

আনহাতে শিৱসাগৰৰ উপ আৰক্ষী অধীক্ষক প্ৰফুল্ল সোণোৱালে সমগ্ৰ ঘটনাটো আৰক্ষীয়ে গুৰুত্বসহকাৰে লৈছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। ধৃত হোটেল কৰ্মচাৰীজনক শিৱসাগৰ জেললৈ প্ৰেৰণ কৰা হৈছে বুলিও সদৰী কৰে আৰক্ষী বিষয়াগৰাকীয়ে। প্ৰকৃত দোষীয়ে উচিত শাস্তি পাব বুলি আশ্বাস প্ৰদান কৰি ঘটনাৰ তদন্ত বৰ্তমানো অব্যাহত আছে বুলিও তেওঁ জানিবলৈ দিয়ে।

 • Additional Inputs from Voice of Greater Assam •