66
চিলাপথাৰঃ ৰঙালীৰ ৰঙক লৈ সৰ্বত্ৰ ব্যস্ততাৰ মাজতে চিলাপথাৰৰ গেলুৱাত দুটা ফৈদৰ মাজত সংঘটিত কাজিয়াৰ বাবে সৃষ্টি হৈছে তীব্ৰ উত্তেজনা৷ প্ৰাপ্ত বাতৰি মতে চিলাপথাৰ দীঘলিৰ দুজন যুৱকে কালি সন্ধিয়া টিভি ৰিচাৰ্জ ভৰাই ওভতাৰ বাটত এদল গৰু বেপাৰীৰ আক্ৰমণৰ বলি হয়।
প্ৰচণ্ড মাৰপিট কৰাতে ক্ষান্ত নাথাকি দুয়োকে বান্ধি ৰাখে বুলি জানিব পৰা গৈছে। ইপিনে আবদ্ধ যুৱক দুজনক মোকলাই আনিবলৈ গৈ আন কেইবাজনো লোক আক্ৰমণৰ সন্মুখীন হয়।