নাৰায়ণপুৰঃ সমগ্ৰ ৰাজ্যতে হত্যা, লুণ্ঠন, ধৰ্ষণৰ দৰে ঘটনাই এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰি থকাৰ মাজতে নাৰায়ণপুৰত এক অভাৱনীয় ঘটনা সংঘটিত হোৱা দেখা গৈছে। দুই ছাত্ৰই সংঘটিত কৰা এক নিৰ্লজ্জকৰ ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে চাঞ্চল্যৰ।
বিশ্বনাথৰ গহপুৰৰ পৰা ৰতন দাস নামৰ লোক জনৰ মহিন্দ্ৰ KUV 100 গাড়ীখন প্ৰেমিকাক লগ কৰিব বুলি কৈ ভাড়ালৈ আনি কোনো নিৰ্জন ঠাইলৈ নি সংঘটিত কৰে এই অভাৱনীয় ঘটনা। গাড়ী চুৰিৰ উদ্দেশ্যে চালক ৰতন দাসক হত্যাৰ অপচেষ্টা কৰে অভিযুক্ত ছাত্র দুজনে।