বৰপথাৰঃ গোলাঘাট জিলাৰ সৰুপথাৰৰ মাজেৰে অব্যাহত আছে অবৈধ কয়লাৰ সৰবৰাহ ৷ ইয়াৰ মাজতে, শুকুৰবাৰে নিশা সৰুপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত নাওঁজান উপ আৰক্ষী থানাই  জব্দ কৰে দুখনকৈ কয়লা ভৰ্তি ট্ৰাক ।

টাই আহোম যুৱ পৰিষদৰ অভিযোগ মৰ্মে নাওঁজান বিলপথাৰস্থিত ৰাজ ইটা ভাটাৰ পৰা নিশা অবৈধভাৱে কয়লা সৰবৰাহ  কৰা AS03BC6387 আৰু AS04AC 8541 নম্বৰৰ দুখন ট্ৰাক জব্দ কৰি লৈ আনে চুঙাজান আৰক্ষী থানালৈ। উল্লেখ্য যে বিগত সময়ছোৱাত ধনশিৰি মহকুমাৰ মাজেদি অবৈধভাৱে আৰু অতিৰিক্ত বোজাইসহ কয়লা কঢ়িওৱা ট্ৰাক চলাচল কৰাৰ অভিযোগ উত্থাপন কৰি আহিছিল বিভিন্ন সংগঠনে।

উচ্চতম ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশনা থকাৰ পিছতো এইদৰেই অবৈধভাৱে কয়লা সৰবৰাহ চলি আছিল । জব্দ কৰা ট্ৰাক দুখনে শিৱসাগৰৰ নাগিনীমৰাৰ পৰা ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৰ ইটা ভাটাসমূহলৈ কয়লা সৰবৰাহ কৰিছিল।

টাই আহোম যুৱ পৰিষদে আৰক্ষীক চমজাই দিয়া কয়লা ভৰ্তি ট্ৰাক এখনৰ চালক শিৱ কুমাৰে কয় যে, তেওঁলোকে অধিক বোজাৰ কয়লা অনাটো হয়। তদুপৰি তেওঁ কি কি নথিপত্ৰ আছে তাৰ সঠিক উত্তৰ দিয়াটো ব্যৰ্থ হয়।

চালকজনে কয় যে, অধিক বোজা নকঢ়িয়ালে তেওঁলোকৰ কোনো লাভ  নহয় বাবে অধিক বোজা কঢ়িয়াই আহিছে। চিৰাজুল নামৰ স্থানীয় এজন লোকেই এনেদৰে অবৈধভাৱে কয়লা সৰবৰাহ  কৰি আহিছে আৰু লোকজনৰ কথা মতেই কয়লা আনিছিল বুলিও কয় চালক জনে ৷

যিটো সময়ত শূন্য সহনশীলতাৰ নীতিৰে দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰে জেহাদ ঘোষণা কৰিছে সেই সময়তে আৰক্ষীয়ে গিজগিজাই থকাৰ পিচটো তিনিখন জিলাপাৰহৈ কেনেকৈ ধনশিৰি মহকুমাৰ মাজেৰে অবৈধ কয়লা ভৰ্তি ট্ৰাক প্ৰতিদিনেই চুবুৰীয়া নাগালেণ্ডলৈ যায় সেইয়া ৰহস্যৰ বিষয় হৈ পৰিছে।