নলবাৰীঃ ভয়াৱহ ৰূপ ধাৰণ কৰা মহামাৰী কৰ’না ভাইৰাছক পৰাস্ত কৰাৰ বাবে কেন্দ্ৰ চৰকাৰৰ নিৰ্দেশ অনুযায়ী সমগ্ৰ দেশতে ২১ দিনীয়া লকডাউন অব্যাহত থকাৰ সময়তে একাংশ লোকে ইয়াক অমান্য কৰি অহা দেখা গৈছে। এনে অমান্যকাৰীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা হাতত লৈছে আৰক্ষী-প্ৰশাসনে।
এই অনুযায়ী লকডাউনৰ দ্বিতীয় দিনটোত আজি নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষীয়ে আটক কৰে আইন ভংগকাৰী দুজনকৈ যুৱকক। আটকাধীন যুৱক দুজন ক্ৰমে নাৰিকুছি গাঁৱৰ কামিনী ডেকাৰ পুত্ৰ খৰ্গেশ্বৰ ডেকা (৩১) আৰু শংকৰ বড়োৰ পুত্ৰ কৃষ্ণ বড়ো (১৯)বুলি ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে জানিবলৈ দিছে।