নগাঁও টাউনঃ আত্মসুৰক্ষা, আত্মনিয়ন্ত্ৰণ, নিয়মানুৱৰ্তিতা, দায়বদ্ধতা, সু-স্বাস্থ্য, সামাজিক সহযোগিতা, ব্যক্তিত্ব, আত্মবিশ্বাস, মনোযোগিতা, মানসিকতা আদিৰ উত্তৰণৰ বাবে ছাত্ৰ জীৱনত সমৰ কলাৰ গুৰুত্ব অপৰিসীম। সেই উদ্দেশ্যেই আজি নগাঁও জিলাৰ কুজীডাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত জন্ম হ’ল এটি টাইকোৱান-ড’ প্ৰশিক্ষণ কেন্দ্ৰ।

ৱৰ্ল্ড  টাইকোৱান-ড’ ফেডাৰেশ্যনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ড্ৰেগন টাইকোৱান-ড’ একাডেমী নামৰ প্ৰশিক্ষণ কেন্দ্ৰটোত প্ৰশিক্ষক হিচাপে থাকিব ইন্টাৰনেশ্যনেল টাইকোৱান-ড’ ফেডাৰেশ্যনৰ দ্বাৰা ব্লেকবেল্ট চেকেণ্ড ডান প্ৰাপ্ত মিন্টু গোস্বামী।

বুধবাৰে এটি অনাড়ম্বৰ অনুষ্ঠানত প্ৰশিক্ষক মিন্টু গোস্বামীক স্থানীয় ৰাইজ তথা প্ৰশিক্ষণ কেন্দ্ৰৰ হৈ আদৰণি জনায় হাতীচোং মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষক শ্ৰীযুত পৰাণকৃষ্ণ ভূঁঞাবৰাই।

প্ৰশিক্ষক গৰাকীয়ে তেখেতৰ চমু বক্তব্যত ছাত্ৰ-ছাত্ৰীয়ে আনুষ্ঠানিক শিক্ষাৰ লগতে মানৱ দেহৰ সামূহিক বিকাশৰ বাবে ক্ৰীড়াতো সমানেই গুৰুত্ব প্ৰদানৰ ওপৰত মত পোষণ কৰে। ইচ্ছুক প্ৰশিক্ষাৰ্থীয়ে হাতীচোংস্থিত এমকে কম্পিউটেকৰ ফোন নং -৯৮৫৯৪৫৮৭৩৯ ত যোগাযোগ কৰিব পাৰিব বুলি কেন্দ্ৰটিৰ আহ্বান জনাইছে।