ডিজিটেল ডেস্কঃ ভাগৰ লগাত শুই পৰিছিল বিনোদ নায়ক। নিশাৰ মহানগৰীত টেক্সি চলাই নায়কে। হঠাৎ এগৰাকী যুৱতীৰ আৰ্তনাদ শুনি টোপনি ভগি যায় তেওঁৰ। ধহমহকৈ উঠি বহি তেওঁ দেখে যে তিনিজন মদাহী যুৱকে জোৰ কৰি এগৰাকী যুৱতীক আন এখন গাড়ীত উঠোৱাৰ চেষ্টা কৰিছে।

সময় তেতিয়া শেষ নিশা। এজন যাত্ৰীক নমাই থৈ গাড়ীতেই বিশ্ৰাম লৈছিল উবেৰ চালক নায়কে। কিন্তু সেই দৃশ্য দেখি মনে মনে শুই থাকিব নোৱাৰিলে তেওঁ।

অকণো পলম নকৰি গাড়ী ষ্টাৰ্ট দি তেওঁ তিনি মদপীৰ পিছ লয়। তেতিয়ালৈ অৱশ্যে কোনোমতে গাড়ীৰ পৰা নামি নিৰাপদ স্থানৰ সন্ধানত দৌৰিবলৈ লৈছিল যুৱতীগৰাকীয়ে। ঠিক যেন বলীউডৰ চিনেমা। শেষ নিশাৰ কলকাতাত তিনি দুস্কৃতিকাৰীয়ে গাড়ী লৈ এগৰাকী যুৱতীক খেদি ফুৰিছে।

পিছে পিছে যুৱতীগৰাকীক ৰক্ষা কৰিবলৈ গাড়ীৰ এচিলেটৰত হেঁচা দিছে এজন উবেৰ চালকে। আনফালে এজন এজনকৈ সংখ্যা বৃদ্ধি পাবলৈ লৈছে দুস্কৃতিকাৰী দলটোৰ। এনেদৰে ৩জনৰ পৰা দুস্কৃতিকাৰী দলটো ৬জনীয়া হৈ পৰে। আটায়ে লগ হৈ হাতৰ পৰা পলায়ন কৰা যুৱতীগৰাকীক পিট পিটাই বিচাৰি ফুৰিছে।

অকলে বলে নোৱাৰিব বুলি জানিও দুস্কৃিতকাৰী কেইটাৰ পিছ ল’বলৈ এৰা নাই নায়কে। উদ্দেশ্য এটাই, যিকোনো প্ৰকাৰে যুৱতীগৰাকীক ৰক্ষা কৰা। শেষত অকলে ৬জনক বলে নোৱাৰিব বুলি নিশ্চিত হৈ আৰক্ষীৰ সন্ধান কৰিবলৈ আৰম্ভ কৰে উবেৰ চালকজনে।

'আৰক্ষীৰ সহায় লোৱাৰ বাদে সেই মুহূৰ্তত মোৰ হাতত কোনো উপায় নাছিল। সেয়ে ৰাস্তাত মই পাগলৰ দৰে টহলদাৰী আৰক্ষীৰ গাড়ী বিচাৰি ফুৰিছিলো। লগতে বিচাৰি ফুৰিছিলো সেই ভয়াৰ্ত যুৱতীগৰাকীক।’-এইদৰে কয় উবেৰ চালক নায়কে। শেষ মুহূৰ্তত পাৰ্ক ষ্ট্ৰীট পাওঁতেই নায়কে দেখিবলৈ পায় এখন আৰক্ষীৰ বাহন। লগে লগে আৰক্ষীৰ বাহনখনৰ কাষলৈ গৈ সকলো বিৱৰি কয় তেওঁ।

উবেৰ চালকৰ মুখেৰে সমগ্ৰ ঘটনা জানিব পাৰি যুৱতীগৰাকীৰ সন্ধানত নামি পৰে আৰক্ষী। এনেদৰে কিছু সময় অভিযান চলাই লেনিন ৰোডৰ এটা চুকত ভয়ে ভয়ে লুকাই থকা যুৱতীগৰাকীৰ সন্ধান পালেও দুস্কৃতিকাৰীকেইজনক কৰায়ত্ত কৰিবলৈ সমৰ্থ নহ’ল। আৰক্ষীয়ে জনোৱা মতে, মুৰ্ছিদাবাদৰ বাসিন্দা যুৱতীগৰাকীয়ে গৰমৰ বন্ধত লগৰীয়াৰ সৈতে চহৰলৈ ফুৰিবলৈ আহিছিল।

ইয়াৰ মাজতে শুকুৰবাৰে নিশা কোনো কথাক লৈ লগৰীয়াৰ সৈতে মত বিৰোধ হয় যুৱতীগৰাকীৰ। খঙতে অকলেই ঘৰৰ পৰা ৰাস্তালৈ ওলাই আহে তেওঁ। তেনেতেই পাৰ্ক ষ্ট্ৰিটৰ এখন হোটেলৰ পৰা ওলাই অহা তিনি মদপীৰ কবলত পৰে যুৱতীগৰাকী।

উবেৰ চালকজন সেই সময়ত আগুৱাই নাহিলে ডাঙৰ বিপদ হ’লহেতেন বুলিয়েই ধাৰণা কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ মতে, যিখন চহৰত সদায়েই টেক্সিচালকৰ বিৰুদ্ধে যুৱতী-মহিলাক নিৰ্যাতনৰ অভিযোগ উঠে সেইখন চহৰতে যে বিনোদ নায়কৰ দৰে সৎ আৰু সাহসী উবেৰ চালকো আছে সেয়া সমাজৰ বাবে সঁচাকৈয়ে এটি সু-খবৰ।

নিজৰ সন্মান ৰক্ষা কৰাৰ বাবে উবেৰ চালক বিনোদক আজীৱন মনত ৰাখিব বুলি জনাইছে ভুক্তভোগী যুৱতীগৰাকীয়ে। 'তেওঁ আগুৱাই নহা হ’লে হয়তো মই শেষ হৈ গ’লোহেতেন। সমাজত যে এতিয়াও ভাল মানুহ শেষ হৈ যোৱা নাই এয়া তাৰেই প্ৰমাণ। তেওঁক মই আজীৱন হৃদয়ত কঢ়িয়াই ফুৰিম।’-যুৱতীগৰাকীয়ে কয়।

অৱশ্যে সকলোৱে তেওঁৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিলেও নায়কে পিছে নিজৰ নামত কোনো কৃতিত্ব ল’বলৈ অনিচ্ছুক। 'বিপদৰ পৰা মানুহক ৰক্ষা কৰাটোৱেই মানুহৰ কৰ্তব্য। এই কৰ্তব্যৰ বাবে প্ৰশংসা অপ্ৰয়োজনীয়।’- হাঁহিমুখীয়া উবেৰ চালকজনৰ মন্তব্য।