♦ বিবাহিত আৰক্ষী জোৱানৰ সৈতে দুবছৰ পূৰ্বে ঘটিছিল প্ৰেমৰ সম্পৰ্ক

অঞ্জনজ্যোতি শৰ্মা, ওদালগুৰিঃ পুনৰ ফেচবুক প্ৰেমৰ পৰিণতিত ওদালগুৰিত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। ওদালগুৰি ৰেল ষ্টেচনত এগৰাকী যুৱতীয়ে আত্মহত্যাৰ চেষ্টাৰে পান কৰিলে বিহ(হাৰপিক)।

ঘটনাৰ বিৱৰণী অনুসৰি শিৱসাগৰ জিলাৰ লিগিৰী পুখুৰী গাওঁৰ বাসিন্দা তথা  ওদালগুৰি সদৰ আৰক্ষী থানাত কামাণ্ডো হিচাপে কৰ্মৰত আতাউৰ ৰহমান নামৰ জোৱান এজনৰ সৈতে কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ এগৰাকী যুৱতীৰ ফেচবুক যোগে দুবছৰ পূৰ্ৱে চিনাকী হয়। 

কিন্তু পৰৱৰ্তী সময়ত দুয়োৰে এই সম্পৰ্ক গভীৰ প্ৰেমৰ ৰূপ লয়গৈ। নিজকে হিন্দু যুৱক বুলি পৰিচয় দি জোৱানজনে প্ৰথমে যুৱতীগৰাকীক বিবাহপাশত আৱদ্ধ হোৱাৰ প্ৰতিশ্ৰুতি দিছিল যুৱতীগৰাকীক। কিন্তু পূৰ্ৱে বিবাহিত আৰক্ষী জোৱানজনে অহা মাহত মাটি ক্ৰয় কৰি যুৱতীগৰাকীক বিয়া কৰাব বুলি কৈছিল যদিও হঠাৎ সুৰ সলনি কৰি জোৱানজনে যুৱতীগৰাকীক বিয়া নকৰে বুলি ক'লে। ফলত কিছুদিনৰ পৰা দুয়োৰে মাজত সৃষ্টি হয় মতানৈক্য। 

ফলত আজি যুৱতীগৰাকীয়ে প্ৰেমিক আতাউৰ ৰহমানক লগ কৰিবলৈ আহি ওদালগুৰি ৰেলষ্টেচন পাইহি। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে ষ্টেচনত  দুয়োৰে মাজত কিছুসময় তৰ্ক-বিতৰ্কৰ অন্তত যুৱতীগৰাকীয়ে পান কৰে নিজৰ বেগত ভৰাই অনা হাৰপিক। প্ৰেমিকাৰ এই কাণ্ড দেখি ভণ্ড প্ৰেমিকৰূপী আৰক্ষী জোৱানজনে উপায়ন্তৰ হৈ পলাবলৈ চেষ্টা কৰে। 

ঘটনা সম্পৰ্কে অৱগত হোৱাত ষ্টেচনটোত উপস্থিত লোকৰ মাজত লাগে হুৱা দুৱা। সেই সময়তে প্ৰেমিক ৰূপী আৰক্ষী জোৱানজনে পলাবলৈ ল‌ওঁতেই উপস্থিত ৰাইজে তাক আটক কৰে। ইফালে যুৱতীগৰাকীৰ সৈতে প্ৰেমিকৰূপী জোৱানজনকো স্থানীয় লোকে ১০৮ মৃত্যুঞ্জয় সেৱাৰ জৰিয়তে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু যুৱতীগৰাকীৰ পৰিয়ালৰ লোকক খবৰ দিয়ে। ইফালে চিকিৎসালয়ত উপস্থিত হৈ ভণ্ড প্ৰেমিকগৰাকীয়ে এক নতুন নাটক আৰম্ভ কৰে। 

সকলো দোষ প্ৰেমিকালৈ ঠেলি কাৰণ নোহোৱাকৈ প্ৰেমিকাই বিহ পান কৰা বুলি উল্লেখ কৰে। আনহাতে ঘটনাৰ পাছত যুৱতীগৰাকীৰ বেগৰ পৰা এখন চুইছাইড নোট উদ্ধাৰ কৰে উপস্থিত লোকে। চুইছাইড নোটখনত যুৱতীগৰাকীয়ে লিখিছিল আৰক্ষী জোৱানৰূপী ভণ্ড প্ৰেমিকগৰাকীৰ বিৰুদ্ধে এটাৰ পাছত আনটো বিস্ফোৰক অভিযোগ। নোটখনত স্পষ্টকৈ লিখা আছে যে যুৱকজনে প্ৰথমে যুৱতীৰ লগতে যুৱতীগৰাকীৰ পৰিয়ালৰ সন্মুখত নিজকে অবিৱাহিত বুলি পৰিচয় দি প্ৰেমৰ জালত বন্দী কৰিছিল।

নিজকে হিন্দু যুৱক বুলি পৰিচয় দি মাহৰ পাছত মাহ যুৱতীগৰাকীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি প্ৰতাৰণা কৰিব বিছাৰিছিল। ফলত উপায়ন্তৰ হৈ আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লোৱা বুলিও পত্ৰখনত উল্লেখ কৰে যুৱতীগৰাকীয়ে। পাছত ওদালগুৰি অসামৰিক চিকিৎসালয়ত উপস্থিত হয় স্থানীয় সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্ব এটা আৰক্ষীৰ দল। 

আৰক্ষীয়ে অভিযুক্ত জোৱানজনক ঘটনা সন্দৰ্ভত সোধ-পোচ চলায়। পৰৱৰ্তী সময়ত জোৱানজনৰ বিৰুদ্ধে ওদালগুৰি আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হব। বৰ্তমান আহত যুৱতীগৰাকীৰ অৱস্থা সংকটমুক্ত বুলি জানিব পৰা গৈছে।