newsnextone.com | ওদালগুৰিঃ পুনৰ লজ্জানত হ’ল সভ্য সমাজ৷ এগৰাকী মানসিক বিকাৰগ্ৰস্ত যুৱতী কামানৰ বলি হোৱাৰ ঘটনা পোহৰলৈ আহিছে ওদালগুৰি জিলাত৷ নৰপিশাচৰ কামনাৰ বলি হ’ল অবিবাহিত মানসিক বিকাৰগ্ৰস্থ মহিলা এগৰাকী। ওদালগুৰি জিলাৰ সিন্দ্ৰিজেৰা গাঁৱত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, বহু দিন ধৰি সিন্দ্ৰিজেৰা গাঁৱত এগৰাকী মানসিক বিকাৰগ্ৰস্থ যুৱতীয়ে থিতাপি লৈ আছিল৷ ইয়াৰ পাছত কোনো নৰপিশাচৰ কামনাৰ বলি হয় দুৰ্ভগীয়া যুৱতীগৰাকী।
ফলস্বৰূপে বিগত তিনিবছৰ পূৰ্ৱে যুৱতীগৰাকীয়ে জন্ম দিয়ে এটি অবৈধ কন্যা সন্তানৰ। সমাজৰ লাঞ্চনা বঞ্চনা সহিও যুৱতীগৰাকীৰ মাতৃয়ে লালন পালন কৰিব ধৰিলে কন্যা সন্তানটো। কিন্তু পুনৰ দুমাহ পূৰ্ৱে পাশান পুৰুষৰ কামনাৰ বলি হোৱা দুৰ্ভগীয়া যুৱতীগৰাকীয়ে পুনৰ এটি পুত্ৰ সন্তান জন্ম দিয়ে। এই ঘটনাই বিগত ২৭ এপ্ৰিলত পোহৰলৈ আহে ওদালগুৰি জিলা ন্যায় সাহায্য প্ৰাধিকাৰীৰ জৰিয়তে।