ওদালগুৰিঃ চলিত বৰ্ষত ওদালগুৰি জিলাৰ পৰা সেনাত ভৰ্তি হবলৈ সক্ষম হোৱা ৬৩ গৰাকী যুৱকক দেওবাৰে সম্বৰ্ধনা জনাই যুৱ বিপিএফ আৰু সেনাৰ ৰেডহৰ্ন ডিভিজনে৷ ভেৰগাঁও আৰু ওদালগুৰি যুৱ বিপিএফ আৰু বিএছইউৰ উদ্যোগত আৰু ভাৰতীয় সেনাৰ ৰেডহৰ্ণ ডিভিজন-ডোগ্ৰা ৰেজিমেণ্টৰ সহযোগত দেওবাৰে ওদালগুৰি বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাংগণত সেনা বাহিনীত নিযুক্তি লাভ কৰা যুৱকক সম্বৰ্ধনা যাচে৷ অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী ৰিহন দৈমাৰীয়ে এনে ধৰণৰ প্ৰক্ৰিয়াৰ দ্বাৰা উগ্ৰপন্থীসকলক দমন কৰাত আৰু অধিক সহজ হ’ব বুলি কয়।
