Home ৰাজ্যদৈফাঙ চ’কত ৰৌতা-ওদালগুৰি পথ অৱৰোধ এবছুসহ ৮ টাকৈ সংগঠনৰ

দৈফাঙ চ’কত ৰৌতা-ওদালগুৰি পথ অৱৰোধ এবছুসহ ৮ টাকৈ সংগঠনৰ

by News Desk
59 views
A+A-
Reset

www.newsnextone.com| ওদালগুৰিঃ এবছুৰ উদ্যোগত ৮টাকৈ সংগঠনৰ উত্তাল প্ৰতিবাদত যাতায়ত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিল ৰৌতা-ওদালগুৰি সংযোগী পথত। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ওদালগুৰি সদৰলৈ যোৱা ঘাইপথটোৰ দৈফাং চ’কত সংগঠনকেইটাই পথৰ ওপৰতে পুৱা ১০ বজাৰ পৰা দুঘণ্টাৰ বাবে অৱস্থান গ্ৰহণ কৰাত পথটোৰে যাতায়াত চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। 

উল্লেখ্য যে বিগত প্ৰায় ২০১১ চনতে চিমপ্লেক্স নামৰ পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠান এটিয়ে ৰৌতা-ওদালগুৰি সংযোগী পথটোৰ নিৰ্মাণৰ দ্বায়িত্ব লাভ কৰিছিল। কিন্তু নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পূৰ্ৱেই প্ৰতিষ্ঠানটোৱে কাম আধাতে সামৰি পলায়ণ কৰে। ফলত চিমপ্লেক্স নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বিভিন্ন দল সংগঠনে। আজি ৰৌতা আঞ্চলিক এবছুৰ নেতৃত্বত আছু, আক্ৰাছু, আগছু, ৰৌতা-নলবাৰী প্ৰাথমিক বড়ো সাহিত্য সভা, আবৌফ, অটো-টেক্সি সন্থা, এএবিৱাইএছ‌এফ আদি সংগঠনৰ প্ৰায় অৰ্ধ সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে চিমপ্লেক্স প্ৰতিষ্ঠান, অসম চৰকাৰ, গড়কাপ্তানি বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0