newsnextone.com | ওদালগুৰিঃ নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ। বিধেয়কখন বাতিলৰ দাবীত শুকুৰবাৰে ওদালগুৰিৰ ৰাজপথত এক প্ৰতিবাদী সমদল উলিয়াই খিলঞ্জীয়া জনসাধাৰণৰ অধিকাৰ সমাজ চমুকৈ এছআইপিআৰে।
ওদালগুৰি চহৰৰ শ্বহীদ বেদী প্ৰাংগণৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ উলিওৱা মদলত বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ কেইবা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। হাতে হাতে প্লেকাৰ্ড লৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, আমাক লাগে বিদেশীমুক্ত অসম, নাগৰিকত্ব বিধেয়ক গ’-বেক, আমাৰ দাবী মানি লওঁক ইত্যাদি শ্ল’গান প্ৰদান কৰি পৰিবেশ উত্তাল কৰি তোলে।