অঞ্জনজ্যোতি শৰ্মা, ওদালগুৰিঃ ‘বৰ্মণ কছাৰী জনজাতিক এনআৰচিৰ শুনানিৰ নামত চৰম হাৰাশাস্তি কৰি থকা হৈছে। জনজাতিৰ মৰ্যাদা লাভ কৰা জনগোষ্ঠীটোক একাংশ প্ৰশাসন বিষয়া, চৰকাৰী কৰ্মচাৰী তথা চৰকাৰখনে বলিৰ পঠা সজাইছে। জনজাতিসকলক যে কিছু সংখ্যক মানুহে সদায় মাহাআইৰ দৃষ্টিৰে চাই এক কথা অসমত বৰ্তমান চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ শুনানি প্ৰক্ৰিয়াত প্ৰমাণিত হৈছে। এয়া ৰাজ্যৰ একাংশ লোকৰ ষড়যন্ত্ৰৰ ফল। এই ষড়যন্ত্ৰৰ আঁৰত থকা লোকসকলক আইনী প্ৰক্ৰিয়াৰে আমি বিচাৰি উলিয়াম।’ এই ভাষ্য নিখিল বৰ্মণ কছাৰী ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিৰ।
ৰাজ্যত চলি থকা এনআৰচি প্ৰক্ৰিয়াত শুনানিৰ নামত জনজাতিটোক হাৰাশাস্তি কৰাৰ লগতে জনগোষ্ঠীটোৰ বিভিন্ন লোকক ডি ভোটাৰ সজাই শৰণাৰ্থী শিৱিৰলৈ প্ৰেৰণ কৰা ঘটনাৰ বিৰুদ্ধে বুধবাৰে সংগঠনটোৱে ওদালগুৰি প্ৰেছ ক্লাবত এক সংবাদমেল আয়োজন কৰে।